Karbianglong:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:চৌদিশে তোলপাৰ কৰা অসম বিধানসভাৰ উপাধ্যক্ষ ডা:হাবে টেৰণৰ নাৰী কেন্দ্ৰক লৈ কঠোৰস্থিতি গ্ৰহণ কৰে কাৰ্বি পৰম্পৰাগত ‘কাষ্টমাৰি আইন সদনে ৷
উল্লেখ্য যে ভুক্তভোগী মহিলা গৰাকীৰ পাঁচ বছৰীয়া পুত্ৰৰ পিতৃত্ব নিশ্চিতকৰণ বাবে ডিএনএ পৰীক্ষাৰ দাবী কৰিছিল স্বয়ং মহিলা গৰাকীয়ে৷ ইয়াৰ পিছতে তৎপৰ হৈ পৰা কাৰ্বি ৰজাৰ কাষ্টমাৰি আইন সদন I বিধানসভাৰ উপাধ্যক্ষ ডা:হাবে টেৰণ আৰু ভুক্তভোগী মহিলা গৰাকীক ‘কার্বি হেমতুন’ত শনিবাৰে উপস্থিত হ’বলৈ নিৰ্দেশনা জাৰি কৰিছিল ৷

সেই অনুসৰি শনিবাৰে দুপৰীয়াভাগত সপত্নীক ডা:হাবে টেৰণ আৰু ভুক্তভোগী মহিলা গৰাকী নিজৰ পাঁচ বছৰীয়া পুত্ৰ সন্তানক লৈ ডংকামকামৰ কাৰ্বি পৰম্পৰাগত ভৱন ‘কার্বি হেমতুন’ত উপস্থিত হয় ৷
‘কাষ্টমাৰি আইন সদনত প্রায় ৩০ মিনিট বিচাৰ প্ৰক্ৰিয়াৰ অন্তত সদনৰ পৰা ওলাই যায় হাবে টেৰণ ৷ অৱশ্যে উভয় পক্ষই সংবাদ মাধ্যমত প্রতিক্ৰিয়াৰ দিয়াৰ পৰা বিৰত থাকে ৷ আনহাতে তাৎপৰ্যপূৰ্ণভাৱে উপাধ্যক্ষ :হাবে টেৰণ গুচি যোৱাৰ পিছত মহিলা গৰাকীক ৰখাই থোৱাক লৈ সদনৰ বাহিৰত ৰৈ থকা একাংশ মহিলাই উত্তেজিত হৈ পৰে ৷ কি কাৰণত তেওঁক ৰখাই থোৱা হৈছে বুলি কৈ হুলস্থূল কৰে ৷
ADVERTISEMENT






























