E-Commerce:✒️এইবাৰ ব্লিঙ্কইটৰ পথ অনুসৰণ কৰিলে জেপ্টো, ছুইগি আৰু ফ্লিপকাৰ্টে। তেওঁলোকৰ দাবী, এতিয়াৰে পৰা তেওঁলোকে ১০ মিনিটৰ ভিতৰত সামগ্ৰী ডেলিভাৰী কৰাৰ দাবী সংবলিত বিজ্ঞাপন বন্ধ কৰাৰ সিদ্ধান্ত লৈছে। গিগ কৰ্মীৰ সুৰক্ষা আৰু নিৰাপত্তাৰ কথা বিবেচনা কৰিয়েই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।
প্ৰাপ্ত তথ্য অনুসৰি, শেহতীয়াকৈ কেন্দ্ৰীয় শ্ৰম মন্ত্ৰী মনসুখ মান্ডবীয়ৰ স’তে ব্লিঙ্কইট, জেপ্টো আৰু জোমাটোসহ একাধিক ই-কমাৰ্চ সংস্থাৰ প্ৰতিনিধিৰ বৈঠক অনুষ্ঠিত হৈছিল। বৈঠকত মন্ত্ৰীয়ে ১০ মিনিটত ডেলিভাৰিৰ দাবীক লৈ আপত্তি তোলে আৰু এই ধৰণৰ বিজ্ঞাপন বন্ধ কৰাৰ পৰামৰ্শ দিয়ে। যদিও এই সন্দৰ্ভত এতিয়ালৈকে কোনো লিখিত চৰকাৰী নিৰ্দেশনা জাৰি কৰা হোৱা নাই।
কেন্দ্ৰীয় মন্ত্ৰীৰ পৰামৰ্শ মানি প্ৰথমে ব্লিঙ্কইটে এই সিদ্ধান্ত লয়। ইয়াৰ পাছতেই জেপ্টো, ছুইগি আৰু ফ্লিপকাৰ্টেও একে পথ অনুসৰণ কৰে।তথ্য অনুসৰি ,আগলৈ এই সংস্থাসমূহে নিজৰ কোনো বিজ্ঞাপনতে ১০ মিনিটত সামগ্ৰী ডেলিভাৰী কৰাৰ দাবী নকৰে।
উল্লেখযোগ্য যে, দ্ৰুত ডেলিভাৰিৰ চাপত বহু সময়ত গিগ কৰ্মীয়ে জীৱন বিপদত পেলাই দ্ৰুত গতিত বাইক চলাবলগা হয়, যাৰ ফলত দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি পায়। এই বিষয়টো ইতিমধ্যে সংসদতো উত্থাপিত হৈছে। মজুৰি বৃদ্ধি আৰু সামাজিক সুৰক্ষাৰ দাবীত গিগ কৰ্মীয়ে শেহতীয়াকৈ দেশজুৰি ধৰ্মঘটৰ আহ্বান জনাইছিল।






























