Swiggy:✒️বছৰটো শেষ পর্যায়ত উপনীত হৈছে। লাহে লাহে সকলোৱে বছৰটোত কি হ’ল সেয়া উভতি চাবলৈ আৰম্ভকৰিছে। এই ধৰণৰ এক প্রতিবেদন বাহিৰ কৰিছে ছুইগি ইনষ্টামার্টে, য’ত থকা অদ্ভুত তথ্যই সকলোৰে চকু কপালত তুলিছে।
কেৱল কনড’ম ক্রয়তে বিল হৈছে এক লাখ টকাৰ অধিক। তাকো আকৌ ক্ৰয় কৰিছে এজন ব্যক্তিয়েই। কেৱল ছেপ্টেম্বৰতে কনড’মৰ বিক্রী বাঢ়িছে ২৪ শতাংশ।
ছুইগি ইনষ্টামার্টে তেওঁলোকে বছৰৰ সমাপ্তিৰ প্ৰতিবেদন দাখিল কৰিছে। য’ত ২০২৫ত তেওঁলোকৰ অনলাইন এপ ব্যৱহাৰ কৰি ভাৰতত সামগ্রী ক্ৰয়ৰ বিভিন্ন তথ্য প্রকাশ কৰা হৈছে।
এই তালিকাত একাধিক অদ্ভুত প্ৰৱণতা দেখা গৈছে। ইয়াৰ ভিতৰত অন্যতম চেন্নাইৰ এজন ব্যৱহাৰকাৰী।
প্রাপ্ত তথ্য অনুসৰি, সেই লোকজনে সমগ্র বছৰটোত কেৱল কনড’ম ক্ৰয় কৰিয়ে এক লাখ ছহেজাৰ ৩৯৮ টকা ব্যয় কৰিছে। এই ব্যৱহাৰকাৰীজনে মুঠ ২২৮টা অৰ্ডাৰ দিছিল। প্ৰতিটো অৰ্ডাৰতে তেওঁ কনড’মেই ক্রয় কৰিছিল বুলিও ছুইগিৰ প্ৰতিবেদনত প্রকাশ পাইছে।
অর্থাৎ গড়ে প্রতিমাহত তেওঁ প্রায় ১৯টা কনড’মৰ অৰ্ডাৰ কৰিছিল।প্রতিবেদনত লগতে কোৱা হৈছে যে কোম্পানীটোৰ বিক্ৰীৰ তালিকাত কনড’ম এবিধ অত্যন্ত জনপ্রিয় পণ্য। প্রতি ১২৭টা অৰ্ডাৰৰ ভিতৰত এটা অৰ্ডাৰ হয় কনড’মৰ।
যোৱা ছেপ্টেম্বৰত এই পণ্যৰ বিক্ৰী ২৪ শতাংশ বৃদ্ধি পায়। প্রতিবেদনত কোৱা হৈছে যে সমগ্ৰ বছৰটোৰ ভিতৰত ছেপ্টেম্বৰতে সবাতোকৈ অধিক কনড’ম বিক্ৰী কৰিছে ছুইগিয়ে। উল্লেখ্য যে মুম্বাইৰ এটা একাউণ্টৰ পৰা ৰেড বুল ছুগাৰ ফ্ৰী ক্ৰয়ৰ বাবে ১৬.৩ লাখ টকা বছৰটোত ব্যয় হৈছে। সেইদৰে চেন্নাইক এজন ব্যৱহাৰকাৰীয়ে কেৱল পোহনীয়া জন্তুৰ খাদ্যৰ বাবে ২.৪১ লাখ টকা ব্যয় কৰে।






























