Sikkim:✒️অবিৰত বৰষুণৰ ফলত সংঘটিত একাধিক ভূমিস্খলনত পাছত উত্তৰ ছিকিমৰ পৰিস্থিতি গুৰুতৰ ৰূপ লৈছে । এই ঘটনাত প্ৰায় ১৫০ৰ পৰা ২০০ জনলৈকে পৰ্যটক চুংথাং অঞ্চলত আৱদ্ধ হৈ পৰে বুলি কৰ্তৃপক্ষই জনাইছে।
জিলা প্ৰশাসনৰ তথ্য অনুসৰি, গেংটক-লাচেন আৰু চুংথাং-লাচেন পথত একাধিক স্থানত ভূমিস্খলনত হোৱাৰ ফলত যাতায়াত সম্পূৰ্ণ ৰূপে ব্যাহত হৈছে। বিশেষকৈ লাচেনলৈ যোৱা পথ বন্ধ হৈ পৰাত বহু পৰ্যটক মাজপথতেই আৱদ্ধ হৈ থাকে।
আৱদ্ধ পৰ্যটকসকলক তাৎক্ষণিকভাৱে উদ্ধাৰ কৰি ইন্দো-টিবেটান বর্ডাৰ আৰক্ষী (ITBP) শিবিৰ আৰু এখন গুৰদ্বাৰাত অস্থায়ীভাৱে থকাৰ ব্যৱস্থা কৰা হৈছে। একে সময়তে, বর্ডাৰ ৰোডছ অৰ্গেনাইজেশ্যন (BRO)-এ পথ মুকলি কৰাৰ কাম আৰম্ভ কৰিছে যদিও অবিৰত বৰষুণে উদ্ধাৰ আৰু পুনৰুদ্ধাৰ কাৰ্যত বাধা সৃষ্টি কৰি আছে।
অন্যফালে, লাচুং দিশৰ পথ আংশিকভাৱে মুকলি কৰা হৈছে আৰু সেইফালৰ পৰ্যটকসকলক সুৰক্ষিতভাৱে গেংটকলৈ ঘূৰাই পঠোৱা হৈছে। অৱশ্যে, বতৰ উন্নত নোহোৱালৈকে সম্পূৰ্ণ যাতায়াত পুনৰ আৰম্ভ কৰাৰ ক্ষেত্ৰত সিদ্ধান্ত লোৱা নহ’ব বুলি প্ৰশাসনে স্পষ্ট কৰিছে।
কৰ্তৃপক্ষই জনাইছে যে, পৰিস্থিতি পৰ্যবেক্ষণ কৰা হৈছে আৰু পুনৰ ভূমিস্খন আশংকা অব্যাহত থকাৰ বাবে সকলো ব্যৱস্থা সতৰ্কতাৰে গ্ৰহণ কৰা হৈছে।






























