মধ্য প্রাচ্যত অব্যাহত যুদ্ধৰ প্রভাৱ কেৱল সামৰিক ক্ষেত্ৰতে সীমিত থকা নাই। বৰঞ্চ এই যুদ্ধই নতুন প্ৰজন্মৰ ভৱিষ্যতক গভীৰভাৱে প্রভাৱিত কৰিছে।
লেবানন, ইবান আৰু ইজৰাইলত অব্যাহত থকা এই যুদ্ধই শিক্ষা ব্যৱস্থাৰ সৰ্বাধিক ক্ষতি কৰিছে। যিসমূহ বিদ্যালয়ত এমাহ পূর্বলৈকে ছাত্র-ছাত্রীৰ উপস্থিতিত সজীৱ হৈ আছিল, তেনে বিদ্যালয়ৰ চৌহদ সম্প্রতি ধ্বংসস্তুপত পৰিণত হৈছে।
সৰহসংখ্যক বিদ্যালয় চৌহদ আৰু শ্রেণীকোঠা এতিয়া ব্যৱহাৰ কৰা হৈছে যুদ্ধত গৃহহাৰা লোকৰ অস্থায়ী আশ্রয় শিবিৰৰ বাবে। পৰিসংখ্যা অনুসৰি লেবাননত প্রায় ৫,০০,০০০ শিক্ষার্থী সম্প্রতি অধ্যয়নৰ পৰা বঞ্চিত হৈছে।
বোমাবর্ষণৰ ভয়ত শিক্ষানুষ্ঠান বন্ধ ৰখা হৈছে যাতে জীৱিত লোকসকল বিশেষকৈ শিশুসকল সুৰক্ষিত থাকিব পাৰে। এই কাৰণত বর্তমানে মধ্য প্রাচ্যত যুদ্ধই শ্রেণীকোঠাক শৰণাৰ্থীৰ শিবিৰত পৰিণত কৰিলে।
বেইকটৰ দক্ষিণৰ উপ-নগৰত গৃহহাৰা হোৱা ছাত্র অহমদ মলহমে আন্তর্জাতিক সংবাদ মাধ্যমৰ আগত সদৰী কৰা অনুসৰি, সম্প্রতি তেওঁ নিজৰ ঘৰবাৰী হেৰুৱাই যুদ্ধৰ কাৰণত বিদ্যালয়ৰ শ্ৰেণীকোঠাত আশ্রয় গ্রহণ কৰিব লগা হৈছে।
ভৱিষ্যতে অভিযন্তা হ’বলৈ বিচৰা অহমদে বিদ্যালয়ৰ শিক্ষাৰ পৰা বঞ্চিত হ’ব লগা হ’ল এই যুদ্ধৰ কাৰণত।






























