10 richest candidates in assam assembly elections:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-অসম বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱা ১০ ধনী প্ৰাৰ্থীৰ তালিকা এডিআৰ ৰিপৰ্টত প্ৰকাশ পাইছে ৷ শীৰ্ষৰ ১০গৰাকী ধনী প্রার্থী কেইগৰাকীৰ ভিতৰত প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়ৰ তনয় ৰাহুল ৰয় ৷ কংগ্ৰেছৰ প্ৰাৰ্থী ৰাহুল ৰয়ৰ সম্পত্তিৰ পৰিমাণ ২৬১ কোটি টকাৰো অধিক।
আনহাতে সম্পত্তিৰ তালিকাৰ দ্বিতীয় স্থানত আছে এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমল। তেওঁৰ সম্পত্তিৰ পৰিমাণ ২২৬ কোটি টকাৰো অধিক। তৃতীয়স্থানত আছে কংগ্ৰেছৰ ৰঙানদীৰ প্রার্থী জয়ন্ত খাউণ্ড ৷ খাউণ্ডৰ সম্পত্তিৰ পৰিমাণ ৬৭ কোটি টকাৰো অধিক। একেদৰে চতুর্থ স্থানত বিটিচি মুৰব্বী হাগ্ৰামা মহিলাৰীৰ পত্নী শিউলী মহিলাৰী। শিউলীৰ সম্পত্তিৰ পৰিমাণ ৬৩ কোটি টকাৰো অধিক।
আনহাতে পঞ্চম স্থানত আছে টিএমচিৰ অসম ৰাজ্যিক কমিটিৰ উপ- সভাপতি দুলু আহমেদৰ পত্নী তথা ছমৰীয়া সমষ্টিৰ দলীয় প্ৰাৰ্থী ৰ’জী আহমেদ। ৰ’জীৰ সম্পত্তিৰ পৰিমাণ ৫৪ কোটিৰো অধিক। ষষ্ঠ স্থানত থকা নির্দলীয় প্রার্থী নন্দিগিৰি ভূঞা সম্পত্তিৰ পৰিমাণ ৪৭কোটিৰ অধিক। আনহাতে সপ্তম স্থানত আছে মুখ্যমন্ত্রী ড:হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী গৰাকীৰ সম্পত্তিৰ পৰিমাণ ৩৫ কোটিৰ অধিক।
আনহাতে অষ্টম স্থানত আছে মন্ত্ৰী তথা বিজেপি প্রার্থী অশোক সিংহল। তেওঁৰ সম্পত্তিৰ পৰিমাণ ৩৪ কোটিৰ অধিক ৷ নৱম স্থানত আছে ঢকুৱাখানাৰ বিজেপি প্ৰাৰ্থী নৱ কুমাৰ দলে। তেওঁৰ সম্পত্তিৰ পৰিমাণ ৩৩ কোটিৰ অধিক। দশম স্থানত কংগ্রেছ প্রার্থী আমিনুল হক লস্কৰ। তেওঁৰ সম্পত্তিৰ পৰিমাণ ৩০ কোটিৰো অধিক।






























