Press conference of Sonowal Kachari Ganamancha:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–বিজেপি দলে সোনোৱাল কছাৰী সকলক চৰম প্ৰতাৰণা কৰাৰ অভিযোগ তুলিছে সোনোৱাল কছাৰী গণমঞ্চ, অসমে । খোৱাঙত এক সংবাদমেল আয়োজন কৰি বিজেপি দলৰ বিৰুদ্ধে সৰব হৈ পৰে সোনোৱাল কছাৰী গণমঞ্চ, অসমৰ নেতাসকল । ২০২৬ চনৰ বিধান সভা নির্বাচনত বিজেপিক ভোট নিদিবলৈ সোনোৱাল ৰাইজক আহ্বান জনাইছে সংগঠনটোৱে । লগতে নিৰ্বাচনত বিৰোধী ঐক্য মঞ্চৰ প্রার্থিক ভোট প্রদান কৰিবলৈ সোনোৱাল কছাৰী গণমঞ্চ অসমে মুকলি আহ্বান জনাইছে ।
সংবাদমেলত সংগঠনটোৱে উল্লেখ কৰা অনুসৰি ২০২৬ চনৰ অসম বিধান সভা নির্বাচনত ১২৬ টা সমষ্টিৰ ভিতৰত এজনো সোনোৱাল কছাৰী জনগোষ্ঠীৰ ব্যক্তিক প্ৰাৰ্থীত্ব প্রদান নকৰিলে বিজেপি দলে । ইয়াৰ বিপৰীতে অসমত বসবাস কৰা প্রত্যেকটো জনগোষ্ঠীকে বিজেপি দলে সন্মানসহকাৰে প্রাৰ্থীত্ব প্রদান কৰিলে । ইয়াৰ দ্বাৰা সোনোৱাল কছাৰী জাতিটোকে বিজেপি দলে চূড়ান্ত অপমান কৰিলে বুলি উল্লেখ কৰি সোনোৱাল কছাৰী গণমঞ্চ অসমে খোৱাং, টিংখাঙকে ধৰি উজনিৰ ১৮ টাৰো অধিক সমষ্টিত বিজেপি দলক আগন্তুক বিধান সভা নির্বাচনত ভোট নিদিবলৈ সোনোৱাল ৰাইজক আহ্বান জনায় । সংবাদমেলত সোনোৱাল কছাৰী গণমঞ্চ, অসমৰ কেন্দ্ৰীয় সমিতিৰ নেতাসকল উপস্থিত থাকে ।






























