Russia:✒️ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ মাজতে ৰাছিয়াৰ সেনাত কৰ্মৰত অৱস্থাত উত্তৰ প্ৰদেশৰ এজন যুৱকৰ মৃত্যু হোৱা ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে। তথ্য অনুসৰি নিহত যুৱকজন উত্তৰ প্ৰদেশৰ ৰামপুৰ জিলাৰ বাসিন্দা ।
প্ৰাপ্ত তথ্য অনুসৰি, যুৱকজন কৰ্মসংস্থানৰ সন্ধানত ৰাছিয়া গৈছিল। কিন্তু পাছত তেওঁ ৰাছিয়াৰ সেনাত যোগদান কৰিবলৈ বাধ্য হৈছিল বুলি পৰিয়ালৰ অভিযোগ।
পৰিয়ালৰ সদস্যসকলে দাবী কৰিছে যে, তেওঁ প্ৰথমে বিদেশত কাম কৰাৰ উদ্দেশ্যে গৈছিল যদিও পাছত সন্দেহজনক পৰিস্থিতিত সামৰিক সেৱাত অন্তৰ্ভুক্ত হয়।
তেওঁলোকৰ মতে, এইটো এক প্ৰকাৰ জোৰ-জবৰদস্তি বা প্ৰতাৰণামূলক নিয়োগ হ’ব পাৰে।
তথ্য অনুসৰি, যুদ্ধক্ষেত্ৰত গুলিচালনাৰ সময়ত তেওঁ নিহত হয়। পৰৱৰ্তী সময়ত তেওঁৰ মৃতদেহ ভাৰতলৈ ঘূৰাই অনা হয় আৰু পৰিয়ালৰ হাতত হস্তান্তৰ কৰা হয়।
এই ঘটনাই বিদেশত কৰ্মসংস্থানৰ নামত যোৱা ভাৰতীয় নাগৰিকসকলৰ সুৰক্ষা আৰু নিয়োগ প্ৰক্ৰিয়া সন্দৰ্ভত গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে। বিশেষকৈ, যুদ্ধ চলি থকা অঞ্চলসমূহত এইধৰণৰ নিয়োগৰ ক্ষেত্ৰত অধিক সতৰ্কতা অৱলম্বনৰ প্ৰয়োজনীয়তা পুনৰ উজাগৰ হৈছে।
উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও একাধিক ভাৰতীয় নাগৰিক ৰাছিয়া-ইউক্ৰেইন সংঘাতত একেই ধৰণৰ পৰিস্থিতিত মৃত্যু হোৱা বা নিখোজ হোৱাৰ অভিযোগ উত্থাপিত হৈছিল, যিয়ে বিষয়টোক অধিক উদ্বেগজনক কৰি তুলিছে।






























