Lovlina Borgohain:✒️এছিয়ান বক্সিং চেম্পিয়নশ্বিপত পুনৰ অসমৰ গৌৰৱ উজ্বলাই তুলিলে লাভলীনা বৰগোহাঁই(Lovlina Borgohain) য়ে। ৭৫ কেজি শাখাত প্ৰতিদ্বন্দ্বিতা কৰি ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয় এই অলিম্পিয়ান বক্সাৰগৰাকী।
প্ৰতিযোগিতাখনৰ এক গুৰুত্বপূৰ্ণ মুখামুখিত উজবেকিস্তানৰ বক্সাৰ আজিজা জক্কিৰ’ভা(Aziza Zokirova)ক পৰাস্ত কৰি এই সফলতা অৰ্জন কৰে লাভলীনাই।
কঠিন প্ৰতিযোগিতাৰ মাজতো নিজৰ দক্ষতা আৰু দৃঢ় মনোবলৰ পৰিচয় দি পদক নিশ্চিত কৰে তেওঁ।
দীৰ্ঘ সময়ৰ পাছত পুনৰ আন্তঃৰাষ্ট্ৰীয় মঞ্চত পদক জয় কৰিবলৈ সক্ষম হোৱা লাভলীনা বৰগোহাঁই এই সফলতাক লৈ যথেষ্ট উৎসাহী আৰু আশাবাদী।
তেওঁ কয় যে, এই জয় আগন্তুক প্ৰতিযোগিতাসমূহৰ বাবে তেওঁক অধিক উৎসাহ যোগাব।
উল্লেখযোগ্য যে, লাভলীনা বৰগোহাঁই আগতেও দেশৰ বাবে একাধিক আন্তঃৰাষ্ট্ৰীয় পদক লাভ কৰি অসমৰ লগতে ভাৰতৰ গৌৰৱ বৃদ্ধি কৰিছে। এই ব্ৰঞ্জ জয়ো তেওঁৰ সফলতাৰ ধাৰাক অব্যাহত ৰাখিলে।






























