Car Accident:✒️তেলেংগানাৰ হায়দৰাবাদ-বিজয়ৱাড়া ৰাষ্ট্ৰীয় পথত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত এজন আইনজীৱীৰ মৃত্যু হোৱা ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে। নিহত ব্যক্তিজনক বি শ্ৰীনিৱাস ৰাও বুলি চিনাক্ত কৰা হৈছে।
বুধবাৰে কাঞ্চিকাচাৰ্লাৰ এখন ট’ল প্লাজাৰ ওচৰত এই দুৰ্ঘটনা সংঘটিত হয়। প্ৰাপ্ত তথ্য অনুসৰি, অমৰাৱতীত বাৰ কাউন্সিলৰ নিৰ্বাচনত অংশগ্ৰহণ কৰি হায়দৰাবাদলৈ উভতি আহি আছিল ৰাও।
এই সময়তে উচ্চ গতিত অহা এখন টেংকাৰ হঠাৎ নিয়ন্ত্ৰণ হেৰুৱাই তেওঁৰ গাড়ীৰ ওপৰত বাগৰি পৰে। ফলত গাড়ীখন টেংকাৰখনৰ তলত সম্পূৰ্ণৰূপে আৱদ্ধ হৈ পৰি তেওঁ মৃত্যু মুখত পৰে।
আৰক্ষীৰ মতে, টেংকাৰখনৰ তলৰ পৰা গাড়ীখন উদ্ধাৰ কৰিবলৈ যথেষ্ট সময় লাগিছিল। পাছত জেচিবি মেচিনৰ সহায়ত টেংকাৰখন উঠোৱাৰ পাছতে মৃতদেহ উদ্ধাৰ কৰা হয়।
ঘটনাৰ ভয়ংকৰ দৃশ্যই সমগ্ৰ অঞ্চলটোত আতংক আৰু শোকৰ পৰিৱেশ সৃষ্টি কৰিছে। ইফালে, ট’ল প্লাজাৰ চিচিটিভি ফুটেজ পৰ্যালোচনা কৰি দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ নিৰ্ণয় কৰাৰ বাবে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
এই ঘটনাই পুনৰ এবাৰ পথ সুৰক্ষা আৰু যানবাহনৰ নিয়ন্ত্ৰণ সম্পৰ্কে গুৰুত্ব আৰোপ কৰিছে।






























