Nashik Dindori Car Accident:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–মহাৰাষ্ট্ৰৰ নাচিকত সংঘটিত কৰুণ, মৰ্মান্তিক ঘটনা। ভয়ংকৰ দুৰ্ঘটনাত থিতাতে নিহত একেটা পৰিয়ালৰ ৯ জনৰ ৷ শুকুৰবাৰে নিশা ৯জন লোক কঢ়িয়াই অনা মাৰুতি এক্সএল গাড়ী এখন কুঁৱাত বাগৰি পৰে। দুৰ্ঘটনাটোত আটাইকেইজনেই কৰুণ মৃত্যুক সাবটি লয় ৷ নিশাই ঘটনাৰ খবৰ লাভ কৰি ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী আৰু স্থানীয় লোক। ক্ৰেনৰ সহায়ত গাড়ীখন কুঁৱাৰ পৰা উলিয়াই আনি ৯ জন লোকৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়। ডিন্দোৰি আৰক্ষী থানা এলেকাত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটি।
নিহত দুৰ্ভগীয়া পৰিয়ালটি হৈছে সুনীল দত্তত্ৰেয় দৰগোড় (৩৪), তেওঁৰ পত্নী ৰেশমা সুনীল দৰগোড় (৩০), কন্যা ৰাখী ওৰফে গুণৱন্তী (১০), ভতিজী মাধুৰী অনিল দৰগোড় (১৩), ভতিজী শ্ৰাৱন অনিল দৰগোড় (১১), আশা অনিল দৰগোড় (৩২), পুত্ৰ শ্ৰেষ্ঠ অনিল দৰগোড় (১১), কন্যা সৃষ্টি অনিল দৰগোড় (১৪), আৰু ভতিজী সমৰুদ্ধি ৰাজেশ দৰগোড় (৭)।আটাইকেইজনেই ডিন্দোৰি তালুকাৰ ইন্দোৰ গাঁৱৰ বাসিন্দা। শুকুৰবাৰে ডিন্দোৰীৰ শিৱাজী নগৰ ৰাজে ভোজ গৃহত বডজে ক্লাছৰ উদ্যোগত বাৰ্ষিক উদযাপনৰ আয়োজন কৰা হয়। মাৰুতি এক্সএল গাড়ীৰে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আহিছিল দৰগোড় পৰিয়াল। নিশা প্ৰায় ১১:৩০ বজাত ঘৰলৈ উভতি আহোঁতে চালকজনে গাড়ীখনৰ নিয়ন্ত্ৰণ হেৰুৱাই ডিণ্ডোৰী চহৰৰ শিৱাজী নগৰ অঞ্চলৰ পানীৰে ভৰা এটা কুঁৱাত বাগৰি পৰে।
দুৰ্ঘটনাটোৰ তথ্য পোৱাৰ লগে লগে আৰক্ষী প্ৰশাসন আৰু অগ্নিনিৰ্বাপক বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। কুঁৱাটো পানীৰে ভৰি থকাৰ বাবে ক্ৰেনৰ সহায়ত গাড়ীখন উলিয়াই আনি ভিতৰৰ পৰা ৯ জন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হয়। গাড়ীৰ ভিতৰত ৯ জন লোকৰ মৃতদেহ দেখি সকলোকে স্তম্ভিত কৰি তুলিলে। বৰ্তমান আৰক্ষীয়ে মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি দুৰ্ঘটনাৰ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।





























