ইউক্রেইনৰ যুদ্ধবিধ্বস্ত অঞ্চলৰ পৰা এহাল কুকুৰ-মেকুৰীক ড্ৰ’নৰ সহায়ত নিৰাপদ স্থানলৈ আঁতৰাই অনাৰ এক ঘটনাক কেন্দ্ৰ কৰি সম্প্ৰতি সৃষ্টি হৈছে এক আবেগঘন মানবিক কাহিনী। প্রাণী অধিকাৰ সংস্থা ইউএনিমেলছৰ তৰফ পৰা দাবী কৰিছে যে প্রায় ১২ কিলোমিটাৰ পথ অতিক্ৰম কৰি এই দুই অবোধ প্রাণীক নিৰাপদ স্থানলৈ অনা হৈছে।
খাৰকিভ অঞ্চলৰ কুপিয়ানস্ক ফ্রণ্টলাইনৰ সমীপৰ অঞ্চলত নিয়োজিত হৈ আছিল ইউক্রেইনৰ ১৪ নম্বৰ ছেপাৰেট মেকাইিজড্ ব্রিগেড। তেওঁলোকে প্রধানকৈ সামৰিক সৰঞ্জাম যোগান ধৰাৰ বাবে ড্ৰ’ন ব্যৱহাৰ কৰিছিল। উভতি অহাৰ পথত সেই ড্র’নকে ব্যৱহাৰ কৰা হয় দুই অসহায় প্রাণীক উদ্ধাৰৰ কামত ব্যৱহাৰ কৰা হয়।
ভিডিঅ’ ফুটেজত দেখা গৈছে যে নিৰাপদ স্থানত উপস্থিত হোৱাৰ পাছত এখন বেগৰ পৰা প্রথমে কুকুৰটোক বাহিৰ কৰা হৈছে। তাৰ পাছত ওলাই আহিছে মেকুৰীটো। এই প্রাণী দুটাই ড্র’ন উৰি যোৱা দৃশ্যৰ ভিডিঅ’ নাই যদিও উদ্ধাৰৰ পৰৱৰ্তী মুহূৰ্তবোৰৰ আৱেগেই স্পৰ্শ কৰিছে বহু মানুহৰ মনক।
এজন সেনাই ধেমালিতে মেকুৰীটোক কৈছে, ‘আমিতো কেতিয়াও ড্র’নত উঠা নাছিলো।’ তাৰ পাছত তেওঁ যোগ কৰে, ‘এতিয়াৰ পৰা তুমি আমাৰেই। চাওক, সি কেনেকৈ গৰগৰ কৰিছে, সি সুখী। নিশ্চয় উৰি অহাটো উপভোগ কৰিছে। আমি তোমাৰ ভাল খাদ্য দিম।’
ব্রিগেডৰ তৰফৰ পৰা সামাজিক মাধ্যমত প’ষ্ট কৰা বার্তাত লিখা হৈছে, ‘এয়া অনন্য ঘটনা। আমাৰ সৈন্যসকলৰ ডাঙৰ হৃদয়ৰ মানুহ।’ তেওঁলোকে লগতে জনাইছে যে ড্র’নখনে কাম শেষ কৰি উভতি আহিবলৈ লোৱাৰ সময়তে সৈন্যসকলে সিদ্ধান্ত লয় যে এই সুযোগতে বিপজ্জনক অঞ্চলৰ পৰা এটা কুকুৰ আৰু এটা মেকুৰীক উদ্ধাৰ কৰা হ’ব। জনা গৈছে যে মেকুৰীটো এজন আহত সেনা জোৱানৰ পোহনীয়া।
জোৱানজন সম্প্রতি চিকিৎসাধীন। সহযোদ্ধাৰ পোহনীয় মেকুৰীটোক উদ্ধাৰ কৰাৰ টাকে ওচৰতে ঘূৰি ফুৰা কুকুৰটোকো এৰি নাহিল। ফলত একেখন ড্র’নতে দুয়োটা প্রাণীক উদ্ধাৰ কৰা হয়।
ইউক্রেইন যুদ্ধৰ মাজতে এই ধৰণৰ বহু মানৱীয় ঘটনা পোহৰলৈ আহিছে। ২০২২ত কিয়েভৰ নিবাসী অ’লেনা লুকাছ নামৰ এগৰাকী মহিলাই নিজৰ জীৱনৰ আশংকাকো নেওচি অর্ধশতাধিক কুকুৰৰ উদ্ধাৰ কৰিছিল। প্রথমে তেওঁ ২০টা ফৰাচী বুলডগ লৈ পোলেণ্ডত আশ্রয় লয়।
পাছত পুনৰ যুদ্ধবিধ্বস্ত অঞ্চলত উপস্থিত হৈ তেওঁ আৰু প্রায় ৩০টা কুকুৰক উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ নিয়ে।
যুদ্ধৰ ধ্বংসস্তূপৰ মাজতো এই ধৰণৰ ঘটনাই বুজাই দিয়ে যে মানবীয়তা এতিয়াও জীয়াই আছে। সংঘাতৰ মাজতো কিছু মানুহে নিঃস্বার্থভাৱে প্রাণ বচোৱাৰ সংগ্ৰাম অব্যাহত ৰাখিছে।































