ModiCabinet : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : আগন্তুক ২০২৯ৰ লোকসভা নির্বাচন আৰু ইয়াৰ পূর্বে ২০২৭ত কে’বাখনো ৰাজ্যৰ বিধানসভা নির্বাচনলৈ লক্ষ্য ৰাখি বিজেপিয়ে ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ সমিতি গঠনৰ পাছত এইবাৰ নৰেন্দ্ৰ মোদীৰ মন্ত্রীসভাৰ বৃহৎ বদবদল অনিবার্য।
এই চর্চাই এতিয়া দিল্লীৰ ক্ষমতাৰ গলিত ৰজনজনাইছে। সূত্ৰত প্রকাশ যে আগন্তুক লোকসভা আৰু বিধানসভা নির্বাচনসমূহলৈ লক্ষ্য বাখিয়ে কেন্দ্রীয় মন্ত্রীসভাৰ সালসলনি কৰিবলৈ বিভিন্ন সমীকৰণ ৰচিছে মোদী-অমিত শ্বাহে। নতুন মুখ, তৰুণ প্রজন্মক আগস্থান দিয়াৰ লগতে মিত্র দলসমূহৰ প্ৰতিনিধিত্ব দিয়াৰ লগতে একাধিক বিষয়ক মনত ৰাখি এই ৰদবদলৰ পৰিকল্পনা কৰা বুলি বিভিন্ন বাতৰি প্ৰকাশিত হৈছে।
সম্প্রতি প্রধানমন্ত্রীসহ তেওঁৰ কেবিনেটত মুঠ ৬৯ জন সদস্য আছে। দেশৰ সংবিধান অনুসৰি কেন্দ্ৰীয় চৰকাৰৰ মন্ত্রীসভাত সর্বাধিক ৮১ জন মন্ত্রী থাকিব পাৰে। অথচ এতিয়াও ১২ খন আসন খালী আছে। এই শূন্য আসন পূৰণ কৰি নতুন মন্ত্ৰীৰ অন্তর্ভুক্তিৰ চেষ্টা অব্যাহত আছে।
বিজেপিৰ এক ব্যক্তি এক পদ নীতিৰ বাবে সদ্য দলৰ সাংগঠনিক দায়িত্বত নিযুক্ত হোৱা কেইজনমান মন্ত্ৰীৰ ভৱিষ্যতক লৈয়ো প্রশ্ন হৈছে। উদাহৰণস্বৰূপে দিল্লী আৰু উত্তৰ প্ৰদেশৰ বিজেপিৰ ৰাজ্যিক সভাপতিৰূপে দায়িত্ব দিয়া হৈছে হর্ষ মালহোত্রা আৰু পংকজ চৌধুৰীক।
ইপিনে, কেন্দ্রীয় বাণিজ্য মন্ত্রী পীযূষ গোৱেলক দলৰ কোষাধ্যক্ষৰ দায়িত্ব দিয়াৰ ফলত তেওঁক মন্ত্রীসভাত ৰাখিব নে নাই তাকে লৈ জল্পনা-কল্পনা আৰম্ভ হৈছে।
একেদৰে স্মৃতি ইৰাণী, বিনোদ তাৱৰে, সতীশ পুনিয়া আৰু তৰুণ চুঘৰ দৰে কেইজনমান মন্ত্ৰীৰ নাম সম্ভাব্য মন্ত্রীসভাৰ তালিকাত অন্তর্ভুক্ত হ’ব বুলি চর্চা চলিছিল যদিও তেওঁলোকক দলৰ সাংগঠনিক গুৰু দায়িত্বত ন্যস্ত কৰা হয়।
মনকৰিবলগীয়া যে দিল্লীত ককৰোচ জনতা পার্টি (চিজেপি)ৰ তীব্র প্রতিবাদত শিক্ষামন্ত্ৰীৰ পদ ত্যাগ কৰে ধৰ্মেন্দ্ৰ প্রধানে। একে সময়তে ৰাজ্যসভাৰ ম্যাদ উকলাত সংখ্যালঘু বিভাগৰ ৰাজ্যিক মন্ত্রী জৰ্জ কুৰিয়েন আৰু ৰেল বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰবনীত সিং বিটুৱে পদত্যাগ কৰিছে।
তদুপৰি কে’বাজনো মন্ত্ৰী ৰাজ্যসভাৰ কাৰ্যকালৰ অন্ত কৰাৰ সময় হৈছে। পেট্র’লিয়াম মন্ত্রী হৰদ্বীপ সিং পুৰী আৰু সামাজিক ন্যায় বিচাৰ বিভাগৰ ৰাজ্যিক মন্ত্রী বি এল বাৰ্মাৰ কাৰ্যকাল নৱেম্বৰত অন্ত পৰিব। এইসকলৰ ক্ষেত্ৰতো পৰৱৰ্তী সিদ্ধান্ত গুৰুত্বপূর্ণ বিবেচিত হৈছে।
সূত্রত প্রকাশ যে মন্ত্রীসভাত নতুন মুখ অনাৰ ক্ষেত্ৰত বয়স গুৰুত্বপূর্ণ বিষয় হ’ব। ২০২৪ত মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালত মন্ত্রীসভা গঠনৰ সময়ত ৫১ৰ পৰা ৭০ বছৰৰ বয়সৰ মন্ত্ৰীৰ সংখ্যা আছিল ৬৫ শতাংশৰ অধিক। ৩১ৰ পৰা ৫০ বছৰ বয়সৰ মন্ত্রী আছিল মাত্র ২৪ শতাংশ।
বর্তমান মোদী মন্ত্রীসভাত কমেও ১২ জন কেবিনেট মন্ত্রী বা স্বতন্ত্র ৰাজ্যিক মন্ত্ৰীৰ বয়স ৭০ বছৰৰ অধিক। উল্লেখ্য যে ৮১ বছৰীয়া জিতন ৰাম মাঝি বৰ্তমানৰ মন্ত্ৰীসকলৰ ভিতৰত জ্যেষ্ঠ। ইপিনে, ৩৮ বছৰীয়া ৰামমোহন নাইডু সর্বকনিষ্ঠ।
সম্ভাব্য ৰদবদলত তৰুণ আৰু মহিলা মুখৰ সংখ্যা বৃদ্ধি হ’ব বুলিও চর্চা হৈছে। হিমাচল প্রদেশ আৰু কৰ্ণাটকৰ পৰা নতুন মুখে মন্ত্রীসভাত স্থান পাব পাৰে। তদুপৰি মধ্য প্রদেশ, ৰাজস্থান, মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ আৰু গুজৰাটৰ দৰে ৰাজ্যসমূহো গুৰুত্বপূৰ্ণ। উত্তৰ প্ৰদেশত আগন্তুক বর্ষত বিধানসভা নির্বাচন হ’ব।
একেদৰে গুজৰাটতো ২০২৭ৰ শেষৰফালে নির্বাচন অনুষ্ঠিত হোৱাৰ কথা আছে। ফলত এই দুই ৰাজ্যৰ প্ৰতিনিধিয়ে গুৰুত্ব লাভকৰিব পাৰে। একেদৰে পঞ্জাৱসহ গুৰুত্বপূৰ্ণ ৰাজ্যসমূহৰ নিৰ্বাচনী সমীকৰণ বিবেচনা কৰা হৈছে। ২০২৯ৰ লোকসভা নির্বাচনক লক্ষ্য ৰাখি মন্ত্রীসভাৰ দায়িত্ব বিতৰণ, নতুনকৈ মিত্রতা হোৱা সকলৰ লগতে তৰুণ নেতৃত্বক আগস্থান দিয়াৰ পৰিকল্পনা কৰা বুলিও সূত্ৰৰ দাবী।
একেদৰে একাধিক গুৰুত্বপূৰ্ণ দায়িত্ব থকা সকলৰ পৰাও দপ্তৰ কৰ্তন হ’ব পাৰে। মন্ত্ৰীসকলৰ পাৰদৰ্শিতাৰ বিষয়েও বিবেচনা কৰা হৈছে।































