Wild Elephant:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:নুমলীগড়ত চাঞ্চল্যকৰ ঘটনা। বনৰীয়া হাতীৰ ডিঙিত প্ৰকাণ্ড টায়াৰ ৷ নুমলীগড়ৰ মৰঙীৰ বকিয়ালৰ এখন চাহ বাগিচাত খাদ্যৰ সন্ধানত বিচৰণ কৰি থকা সময়ত এটা বন্যহস্তীৰ ডিঙিত সোমাই পৰে ট্ৰেক্টৰৰ প্ৰকাণ্ড টায়াৰ ৷ প্ৰকাণ্ড টায়াৰ সোমাই পৰাৰ পিছতে আতংকিত হৈ বন্যহস্তীটো ঘুৰি ফুৰিছে চাহ বাগিচা অঞ্চলত ৷ খাদ্যৰ সন্ধানত ঘূৰি ফুৰোঁতেই বন্যহস্তীটোৰ ডিঙিত টায়াৰ সোমোৱাৰ সন্দেহ ৰাইজৰ।

আনহাতে স্থানীয় খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই বন্যহস্তীটোৰ ডিঙিৰ পৰা টায়াৰটো সুকলমে উলিওৱাৰ ব্যৱস্থা কৰিবলৈ বন বিভাগৰ স’তে মতবিনিময় কৰিছে ৷ একেদৰেৰাইজক বন্যহস্তীটোৰ ওচৰে-পাজৰে হৈ চৈ কৰি আতংকিত নকৰিবলৈ বিধায়ক গৰাকীয়ে আহ্বান জনাইছে ৷






























