Wild Elephant:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:খাদ্যৰ সন্ধানত পাহাৰৰ পৰা নামি অহা হাতীৰ জাকে ভৈয়ামৰ জনাঞ্চলত উপদ্ৰৱ কৰি অহাটো নিত্যনৈমিত্তিক ঘটনাত পৰিণত হৈছে ৷ ৰঙাপৰাৰ টেঙাবিল অঞ্চলত দিনক দিনে বৃদ্ধি পাইছে বন্যহস্তীৰ সন্ত্ৰাস ৷ ইয়াৰ মাজতে খাদ্যৰ সন্ধানত টেঙাবিল অঞ্চলত বিচৰণ কৰি থকা চাৰিজনীয়া হাতী জাকৰ ভিতৰত এটা বন্যহস্তী অসুস্থ হৈ কে’বাদিন ধৰি অৱস্থান কৰে৷ভৰিত আঘাতপ্রাপ্ত হৈ অসুস্থ বন্যহস্তীটোক লৈ চিন্তিত হৈ পৰিছে টেঙাবিল অঞ্চলবাসী ৷ অসুস্থ বন্যহস্তীটোৰ চিকিৎসা প্ৰদানৰ লগতে প্ৰয়োজনীয় পদক্ষেপ বন বিভাগে লোৱাটো কামনা কৰিছে অঞ্চলবাসীয়ে।
ADVERTISEMENT































