LovlinaBorgohain : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : এছিয়ান গেমছত স্বর্ণ পদক জয়ৰ দুৱাৰডলিত উপনীত হ’ল অসম কন্যা লাভলীনা বৰগোহাঁই। ২০২৩ত লক্ষ্যত উপনীত হ’ব নোৱাৰিলেও ভাৰতীয় তাৰকা বক্সাৰ লাভলীনীৰ সম্মুখত তিনিটা বছৰৰ পাছত পুনৰ সেই সপোন পূৰণৰ সুযোগ উপস্থিত হ’ল।
তাক জয় কৰিবলৈ সন্মুখত আৰু মাত্ৰ এটা ঢাপ অতিক্ৰমৰ প্রয়োজন। জাপানত অনুষ্ঠিত হৈ থকা এছিয়ান গেমছত ফাইনেলত প্ৰৱেশ কৰিছে লাভলীনাই। ইয়াৰ লগে লগে ৰূপৰ নিশ্চয়তাৰ পাছত লাভলীনাৰ চকুত এতিয়া সোণৰ সপোন।
দেশৰ ত্ৰিৰংগা আৰু কোটি কোটি ভাৰতীয়ৰ আশা বুকুত বান্ধি স্বর্ণ জয়ৰ লক্ষ্যৰে দুই অক্টোবৰত পুনৰবাৰ ৰিঙত নামিব অসম কন্যা। সন্মুখত প্রতিদ্বন্দ্বী চীনৰ বাও জিয়িৰ। এই মেচত জয়ী হ’লেই আন এক ইতিহাস ৰচিব লাভলীনাই।
উল্লেখ্য যে বুধবাৰে মহিলাৰ ৭৫ কিলোগ্রাম শাখাৰ ছেমিফাইনেলত কাজাখস্তানৰ ৭০ কিলোগ্রাম শাখাৰ বিশ্ব চেম্পিয়ন নাটালিয়া বগডান’ভাক ৩-২ ব্যৱধানত পৰাস্ত কৰি ফাইনেলৰ টিকট নিশ্চিত কৰিলে অলিম্পিক পদকজয়ী বক্সাৰগৰাকীয়ে।
অৱশ্যে খেলখনৰ প্ৰথম ৰাউণ্ডত ২-৩ ব্যৱধানত পিছ পৰিছিল লাভলীনা; কিন্তু হাৰ মনা নাছিল। দ্বিতীয় ৰাউণ্ডৰ পৰাই সলনি কৰিলে খেলৰ গতি। নিখুঁত পাঞ্চ, তীব্র আক্রমণ আৰু দৃঢ় মনোবলেৰে প্ৰতিপক্ষৰ ওপৰত চাপ সৃষ্টি কৰি ৰাউণ্ডটো ৫-০ ব্যৱধানত নিজৰ দখললৈ আনে। তৃতীয় ৰাউণ্ডতো অটুট থাকিল লাভলীনাৰ আত্মবিশ্বাস।
প্রতিপক্ষৰ প্ৰতিটো আক্ৰমণৰ যোগ্য প্ৰত্যুত্তৰ দি নিজৰ আধিপত্য বজাই ৰাখে তেওঁ। অৱশেষত ৩-২ ব্যৱধানত বিজয় সাব্যস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে ভাৰতীয় বক্সাৰগৰাকীয়ে। এই জয়ৰ লগে লগে একেৰাহে দ্বিতীয়বাৰৰ বাবে এছিয়ান গেমছৰ ফাইনেলত প্ৰৱেশ কৰা প্রথমগৰাকী ভাৰতীয় মহিলা বক্সাৰ হিচাপে ৰচিলে ইতিহাস।
আনহাতে, ফাইনেলত প্ৰৱেশৰ লগে লগে ভাৰতৰ বাবে নিশ্চিত হ’ল ৰূপৰ নাইবা সোণৰ পদক। উল্লেখ্য যে ২০২৩ত হাংঝৌ এছিয়ান গেমছত ৰূপৰ পদক জয় কৰিছিল লাভলীনাই।































