দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : নিজৰ জন্মদিনটো স্মৰণীয় কৰি তুলিলে অসমকন্যা লাভলীনা বৰগোহাঁয়ে। এছিয়ান গেমছ ২০২৬ৰ মহিলাৰ ৭৫ কিলোগ্ৰাম বক্সিং শাখাৰ ফাইনেলত চীনৰ বাও ঝিয়িক ৫-০ ব্যৱধানত পৰাস্ত কৰি স্বৰ্ণ পদক দখল কৰে লাভলীনাই।
মেচখনৰ আৰম্ভণিৰ পৰাই যথেষ্ট সংযতভাৱে খেল আগবঢ়াইছিল ভাৰতীয় বক্সাৰগৰাকীয়ে। বাও ঝিয়িয়ে আক্ৰমণাত্মকভাৱে আগুৱাই অহাৰ সময়ত লাভলীনাই ফলপ্ৰসূ কাউণ্টাৰ পাঞ্চেৰে প্ৰত্যুত্তৰ দিয়ে। প্ৰথম দুটা ৰাউণ্ড নিজৰ দখললৈ অনাৰ পাছত তৃতীয় ৰাউণ্ডতো নিয়ন্ত্ৰণ এৰি নিদিলে তেওঁ। শেষত ৫-০ ব্যৱধানত জয় সাব্যস্ত কৰি স্বৰ্ণ নিশ্চিত কৰে অসমকন্যাগৰাকীয়ে।
উল্লেখ্য যে যিটো দিনত লাভলীনাই এই সাফল্য অৰ্জন কৰিলে, সেই দিনটো তেওঁৰ জন্মদিনো।
লাভলীনাৰ এই সাফল্যত কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱকল্যাণ দপ্তৰৰ মন্ত্ৰী ডাঃ মনসুখ মাণ্ডাবিয়াইও অভিনন্দন জনায়। এক্সত পোষ্ট কৰি তেওঁ মহিলাৰ ৭৫ কেজি বক্সিংত এছিয়ান গেমছত প্ৰথমবাৰৰ বাবে ভাৰতৰ বাবে স্বৰ্ণ পদক লাভ কৰাৰ বাবে লাভলীনাক শুভেচ্ছা জনোৱাৰ লগতে সমগ্ৰ দেশ তেওঁৰ বাবে গৌৰৱান্বিত বুলি উল্লেখ কৰে।
ইফালে কন্যাৰ জয়ত উৎফুল্লিত লাভলীনাৰ পিতৃ টিকেন বৰগোহাঁই। সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে ফাইনেলত লাভলীনা জয়ী হোৱাত তেওঁলোক অত্যন্ত আনন্দিত। তাৰ ওপৰত আজিয়েই কন্যাৰ জন্মদিন হোৱাত আনন্দ দুগুণ হোৱা বুলি তেওঁ উল্লেখ কৰে।
টিকেন বৰগোহাঁয়ে কয় যে এয়া লাভলীনাৰ প্ৰথম এছিয়ান গেমছৰ স্বৰ্ণ পদক। এই পদক লাভৰ বাবে লাভলীনাই যথেষ্ট কঠোৰ পৰিশ্ৰম কৰিছিল আৰু স্বৰ্ণ জয় কৰাৰ কথা তেওঁ আগতেই কৈছিল। পূৰ্বে লাভ কৰা ৰূপৰ পদকৰ ৰং সলনি কৰাৰ ইচ্ছাও তেওঁৰ আছিল বুলি পিতৃগৰাকীয়ে জানিবলৈ দিয়ে। সেই ইচ্ছা পূৰণ হোৱাত তেওঁ সুখী বুলি প্ৰকাশ কৰি লাভলীনাৰ সফলতাৰ বাবে প্ৰাৰ্থনা কৰা সকলোকে কৃতজ্ঞতা জনায়।
কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱেও লাভলীনাৰ সফলতাৰ লগতে জন্মদিন উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ কয় যে মহিলাৰ ৭৫ কেজি বক্সিং শাখাত প্ৰথমবাৰৰ বাবে এছিয়ান গেমছত স্বৰ্ণ লাভ কৰি লাভলীনাই নিজৰ বিশেষ দিনটো উদযাপন কৰিছে। ২০১৪ চনত এছিয়ান গেমছৰ বক্সিঙত স্বৰ্ণ লাভ কৰা মেৰী কমৰ পাছত লাভলীনা দ্বিতীয়গৰাকী ভাৰতীয় মহিলা বুলি তেওঁ উল্লেখ কৰে।
লাভলীনাৰ জয়ক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো উচ্ছ্বাস প্ৰকাশ কৰে। ‘গ’ল্ডেন গাৰ্ল লাভলীনা’ বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে আত্মবিশ্বাস, অটুট মনোবল আৰু দৃঢ় সংকল্পৰে লাভলীনাই ৭৫ কেজি বক্সিং শাখাত স্বৰ্ণ জয় কৰি পুনৰ দেশৰ ত্ৰিৰংগা বিশ্বমঞ্চত গৌৰৱেৰে উৰুৱাইছে।
জন্মদিনৰ দিনাই দেশৰ বাবে সোণৰ পদক লাভ কৰাটো বিশেষ আনন্দৰ বিষয় বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে লাভলীনাৰ বিজয়ত অসম আৰু ভাৰত গৌৰৱান্বিত বুলি কয়। এই সফলতা ভাৰতীয় বক্সিঙৰ ইতিহাসত সোণালী আখৰেৰে লিপিবদ্ধ হৈ থাকিব বুলিও তেওঁ উল্লেখ কৰে।
আন এটা পোষ্টত মুখ্যমন্ত্ৰীয়ে লাভলীনাৰ স’তে ফোনযোগে কথা পতাৰ কথা প্ৰকাশ কৰে। তেওঁ কয় যে লাভলীনাক জন্মদিনত অসমবাসীৰ হৈ শুভেচ্ছা জনোৱাৰ লগতে এছিয়ান গেমছত লাভ কৰা স্বৰ্ণ পদকৰ বাবেও অভিনন্দন জনাইছে। লাভলীনা অত্যন্ত আনন্দিত বুলি উল্লেখ কৰি গুৱাহাটীলৈ উভতি অহাৰ পাছত তেওঁক সাক্ষাৎ কৰাৰ কথাও মুখ্যমন্ত্ৰীয়ে কয়।






























