দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : BSFৰ গুলীচালনাত অসমৰ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ দুজন লোক আহত হোৱাৰ ঘটনা পোহৰলৈ আহিছে। আহত দুয়োজনক সোমবাৰে বাংলাদেশৰ ৰংপুৰ মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হয়।
আহত দুজন হৈছে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সুখচৰ থানাৰ অন্তৰ্গত বৰবালু গাঁৱৰ বাসিন্দা ৩৫ বছৰীয়া ইছমাইল হুছেইন আৰু ৩৯ বছৰীয়া খাজা আব্দুল আলিম। ইছমাইল হুছেইন আব্দুল কৰিম শ্বেখৰ পুত্ৰ আৰু খাজা আব্দুল আলিম আব্দুল মজিদ মণ্ডলৰ পুত্ৰ।
তথ্য অনুসৰি, দেওবাৰে কুৰিগ্ৰামৰ উলিপুৰ সীমান্তৰ ওচৰত গৰু সৰবৰাহত জড়িত হৈ থকাৰ সময়তে BSF-এ দুয়োজনক বাংলাদেশী বুলি ভুলকৈ ধৰি গুলীচালনা কৰাৰ অভিযোগ উত্থাপন হৈছে।
ইয়াৰ ফলত দুয়োজন আহত হয় বুলি পৰিয়ালৰ সদস্যসকলে জানিবলৈ দিছে।
পৰৱৰ্তী সময়ত BGB-এ বাংলাদেশৰ ভূখণ্ডৰ পৰা আহত দুয়োজনক উদ্ধাৰ কৰি আৰক্ষীৰ হাতত গতাই দিয়ে। বৰ্তমান দুয়োজনেই ৰংপুৰ মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছে।
অৱশ্যে, ঘটনাটোক লৈ এই পৰ্যন্ত BSFৰ তৰফৰ পৰা কোনো আনুষ্ঠানিক নিশ্চিতি লাভ কৰা হোৱা নাই। একেদৰে, আৰক্ষীয়েও ঘটনাটোৰ সন্দৰ্ভত কোনো বিবৃতি প্ৰকাশ কৰা নাই।
সেয়ে বৰ্তমানলৈ লাভ কৰা তথ্য আহত দুয়োজনৰ পৰিয়ালৰ সদস্যসকলে আগবঢ়োৱা বৰ্ণনাৰ ওপৰত ভিত্তি কৰিহে প্ৰকাশ কৰা হৈছে।
ঘটনাটোৰ প্ৰকৃত পৰিস্থিতি সন্দৰ্ভত BSFৰ তৰফৰ পৰা আনুষ্ঠানিক তথ্য প্ৰকাশ কৰি বিষয়টো স্পষ্ট কৰাটো এতিয়া অপেক্ষাৰ বিষয় হৈ পৰিছে।
































