Bijni AAMSU :
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:বিজনীত আমছুৰ জনজাগৰণ সভাত আমছুৰ সভাপতি ইমতীয়াজ হুছেইন I অসমত এটা জাতি জনগোষ্ঠীক টাৰ্গেট কৰি উচ্ছেদ কৰা হৈছে বুলি অভিযোগ ইমতীয়াজ হুছেইনৰ I নাম নোলোৱাকৈ ৰাজ্যৰ একাংশ দল সংগঠনৰ নেতৃত্বক সমালোচনা ইমতীয়াজ হুছেইনৰ I
অসমৰ এনআৰচিৰ কাম চলি থকাৰ সময়ত একাংশ ছাত্ৰ সংগঠনৰ নেতৃত্বই প্ৰতিমাহত ১৬ লাখকৈ টকা লোৱাৰ অভিযোগ। ইফালে বৃহৎ নদীবান্ধ বিৰোধিতাৰ নামত গুৱাহাটীত বিলাসী হোটেলত চোৰাংচোৱা ভাৱে এনএইছপিচিৰে গোপনে আলোচনাত মিলিত হোৱাৰো অভিযোগ উত্থাপন কৰে।
তেওঁ লগতে কিছুমান ছাত্ৰ সংগঠনৰ বক্তব্য অসমৰ জনসাধাৰণৰ বক্তব্য নহয়, নাগপুৰৰ পৰা প্ৰশিক্ষণ লৈ পৰিকল্পনা কৰা হয় বুলি পাকে-প্ৰকাৰে সদৌ অসম ছাত্ৰ সন্থাক সমালোচনা কৰে। উক্ত ছাত্ৰ সংগঠনৰ নেতৃত্বৰ অলপ অভাৱ-অভিযোগ হৈছে যাৰ কাৰণে পুনৰ ব্যৱসায়-প্ৰতিষ্ঠান খুলিবলৈ নতুন এখন দোকান খুলিব চিন্তা চৰ্চা কৰিছে।কিন্তু অসমৰ লোক বৰ্তমান সজাগ হৈছে, এনেবোৰ কথাত পতিয়ন নাযায়। অসমৰ লোকে এখন শুদ্ধ নাগৰিকপঞ্জীৰ জৰিয়তে একোখনকৈ পৰিচয় পত্ৰ বিচাৰিছে।যিবোৰ কথা বতৰা দেখি আছোঁ সেইবোৰ মোকাবিলা কৰিবলৈ ৰাজপথত মোকাবিলা কৰিম আদালতৰ মাজ মজিয়াতো মোকাবিলা কৰিম বুলি কয় সভাপতি ইমতীয়াজ হুছেইনে। অৱশ্যে এই অভিযোগ আমছুৰ অভিযোগ নহয় অসমৰ ৰাইজৰ অভিযোগ বুলি উল্লেখ কৰে সভাপতি ইমতিয়াজ হুছেইনে।
ইফালে ৰাজ্যত চলি থকা উচ্ছেদ অভিযানক কেন্দ্ৰ কৰি বৰ্তমানৰ চৰকাৰ খনে উচ্ছেদৰ জৰিয়তে পাশবিক সুখহে লয় বুলি কয়।অসমত এটা জাতি জনগোষ্ঠীক লক্ষ্য কৰি উচ্ছেদ কৰে। উচ্ছেদৰ নামত শিশু, মহিলা, বৃদ্ধ- বৃদ্ধাক মুকলি আকাশৰ তলত থাকিবলৈ বাধ্য কৰাইছে ইয়াৰ অভিশাপ নিশ্চয় লাগিব বুলি মন্তব্য কৰে সভাপতি ইমতিয়াজ হুছেইনে।
কালি বিয়লি চিৰাং জিলাৰ বিজনীৰ ভাংনামাৰী হাইস্কুল খেলপথাৰত বিজনী জিলা আমছুৰ উদ্যোগত অনুষ্ঠিত জনজাগৰণ সভাত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে আমছুৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি ইমতীয়াজ হুছেইনে।
ADVERTISEMENT






























