CruiseShip : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : বিশ্ব ভ্ৰমণৰ বাবে সকলোৱে হাবিয়াস কৰে। হাবিয়াস পূৰণৰ উদ্দেশ্যে তিনি বছৰ পূৰ্বে এখন বিলাসী নৌকাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফ্ল’ৰিডা উপকূলৰ পৰা যাত্ৰা কৰা বহুসংখ্যক লোক কম্বোডিয়াত আবদ্ধ হৈ থকাৰ তথ্য সম্প্রতি পোহৰলৈ আহিছে। ফ্ল’ৰিডাস্থিত ভিলা ভাই ৰেচিডেন্সেছ শীর্ষক সংস্থাই এই লোকসকললৈ বিশ্ব ভ্ৰমণৰ সুবিধা আগবঢ়ায়।
সেই অনুসৰি এমভি ওডিছী নামৰ বিলাসী নৌকাৰে তেওঁলোকে যাত্ৰা আৰম্ভ কৰে; কিন্তু জাহাজ পৰিচালনাকাৰী সংস্থাটোৰ ওচৰত ইন্ধন ক্ৰয়ৰ বাবে ধনৰ অভাৱ ঘটাত এই লোকসকল কম্বোডিয়াত আবদ্ধ হৈ পৰে। বর্তমানেও তেওঁলোক কম্বোডিয়াৰ ছিহানৌকভাইল বন্দৰত আবদ্ধ হৈ আছে। আবদ্ধ লোকসকলৰ ডেৰশজন জাহাজ কৰ্মচাৰী।
আনহাতে যাত্ৰীসকলৰ মাজত ৰেণ্ডীডিং কাছিংহাম নামৰ এজন কৰ্কট ৰোগীও আছে। এই ভ্ৰমণৰ সময়ত হোৱা তিক্ত অভিজ্ঞতা তেওঁ ব্লগত বর্ণনা কৰিছে। তেওঁ অভিযোগ কৰা অনুসৰি তেওঁলোকক বিশ্ব ভ্রমণলৈ নিয়া সংস্থাই থকা-খোৱাৰ সুবিধা দিয়া নাই। তেওঁৰ ক্ষেত্ৰত সমস্যা অধিক জটিল হৈছে। কাৰণ তেওঁ কৰ্কট ৰোগী। দীর্ঘদিন ধৰি তেওঁ ঔষধ আৰু ৰেডিয়েছনৰ সুবিধাৰ পৰা বঞ্চিত হৈ আছে।
এমভি ওডিছীৰে কাছিংহামে থাইলেণ্ডলৈ যাত্রা কৰিছিল। তেওঁ জনোৱা মতে, ভিলা ভায়ে এই যাত্ৰাৰ আয়োজন কৰিছিল। ইন্ধনৰ অভাৱৰ বাবে জাহাজখনে কম্বোডিয়া বন্দৰৰ পৰা যাত্রা কৰিব নোৱৰা হয়। আবদ্ধ হৈ থকা এই যাত্ৰীসকলৰ অধিকাংশই মার্কিন নাগৰিক বুলি তেওঁ জনায়। জাহাজখনত ৬৫০ জন লোকে যাত্রা কৰিব পাৰে।
ইতিমধ্যে ভিলা ভায়েও নিজৰ বিত্তীয় সংকটৰ কথা স্বীকাৰ কৰিছে। এই বিত্তীয় সংকট জোৰা মাৰিবলৈ প্ৰতিষ্ঠানটোৱে চলোৱা চেষ্টা অসাৰ হৈছে বুলি আবদ্ধ যাত্ৰীসকলৰ দুজনে সামাজিক মাধ্যমৰ জৰিয়তে প্রকাশ কৰিছে। আনহাতে, প্রতিষ্ঠানটোৰ প্রতিষ্ঠাপক মাইকেল পেটাৰছনে প্ৰকাশ কৰা অনুসৰি আবদ্ধ অৱস্থাৰ পৰা পৰিত্ৰাণ পোৱাৰ উদ্দেশ্যে মার্কিন যাত্রীসকলক অতিৰিক্ত পাঁচশ ডলাৰ (৪৭,৪৫৬ টকা) কৈ মাহিলি দিবলৈ অনুৰোধ জনোৱা হৈছে যদিও যাত্রীসকলে এই অনুৰোধৰ বিৰোধিতা কৰিছে। ইন্ধনৰ মূল্যবৃদ্ধিৰ বাবে খৰচৰ জোৰা মাৰিব নোৱৰা হৈছে বুলিও পেটাৰছনে সদৰী কৰিছে।





























