Guwahati:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:ৰাজ্যত সংগোপনে অব্যাহত আছে নাৰী
সৰবৰাহকাৰী। শেহতীয়াকৈ মানৱ সৰবৰাহকাৰী টাৰ্গেট হৈ পৰিছে দৰিদ্ৰ পৰিয়ালৰ মহিলা আৰু কিশোৰী ৷ বহি:ৰাজ্যত কাম দিয়াৰ প্ৰলোভনৰে দৰিদ্ৰ পৰিয়ালৰ মহিলা আৰু কিশোৰী সৰবৰাহ কৰা এট চক্ৰ ডবকা আৰক্ষীৰ জালত পৰে সোমবাৰে ৷
উল্লেখ্য যে শুকুৰবাৰে নিশা হোজাই জালাৰ ডবকাৰ হালধিআটী তপতজুৰিৰ পৰা দুগৰাকীকৈ কিশোৰীক ফুচুলাই নিয়াৰ অভিযোগ উদ্থাপিত হোৱাৰ পিছতে তৎপৰ হৈ পৰে ডবকা আৰক্ষী ৷
গোপন খবৰৰ ভিত্তিত গুৱাহাটী ৰে’লৱে ষ্টেচনত উত্তৰপ্ৰদেশৰ মহিলা সৰবৰাহকাৰীক আটক কৰে ডবকা আৰক্ষীয়ে৷ আটক কৰে মহিলা সৰবৰাহকাৰীৰ এজেণ্ট হিচাপে কাম কৰা ডবকাৰ এগৰাকী মহিলাক৷মহিলা সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ কৰে দুই কিশোৰীকো ৷
ADVERTISEMENT






























