দেশত কৰ’নাৰ আক্রান্তৰ সংখ্যা পাঁচ শতাধিক, আইন ভংগকাৰীৰ বিৰুদ্ধে গোচৰ
সময় বাগৰাৰ লগে লগেই ভাৰতত ন’ভেল কৰ’না ভাইৰাছ ত আক্রান্তৰ সংখ্যাও বৃদ্ধি পাইছে। ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ (আই চি এম আৰ)ৰ তথ্য অনুসৰি দেশত কৰ’না আক্রান্তৰ সংখ্যা ইতিমধ্যে পাঁচ শতাধিক হৈছে। আই চি এম আৰৰ তথ্য অনুসৰি এই পৰ্যন্ত ৫৬২ জন আক্রান্ত হৈছে আৰু ১১ জনৰ মৃত্যু হৈছে। সংক্ৰমন ৰোধ কৰিবলৈ ২৪ মাৰ্চৰ পৰা সমগ্র দেশজুৰি তলাবন্ধ ঘোষণা কৰা হৈছিল। প্ৰত্যেক দিনাই নতুনকৈ আক্রান্তৰ সংখ্যা বৃদ্ধি পাইছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ প্ৰতিবেদন অনুসৰি এই মুহূৰ্তত সংক্ৰমনৰ সংখ্যা দেশৰ ভিতৰত শীৰ্ষ স্থানত আছে মহাৰাষ্ট্ৰ, ৰাজ্যখনত আক্রান্তৰ সংখ্যা ১১৬ জন। ইয়াৰ পিছতে কেৰেলা, আক্রান্তৰ সংখ্যা ১০৯জন।ইয়াৰ পিছতে আছে কৰ্ণাটক, উত্তৰ প্ৰদেশ, দিল্লী, গুজৰাটসহ অন্যান্য ৰাজ্যসমূহ। ইতিমধ্যে উত্তৰ পূৱৰ মণিপুৰ আৰু মিজোৰামত এগৰাকী যুৱতী আৰু এজন ৫৮ বছৰীয়া ব্যক্তিৰ দেহত ক’ভিড১৯ ৰ বীজাণু ধৰা পৰিছে। ইপিনে উত্তৰ প্ৰদেশৰ প্ৰশাসনে জনোৱা তথ্য অনুসৰি ইয়াৰ চহৰ গাজীয়াবাদত ১১০ জনৰ বিৰুদ্ধে আইন অমান্য কৰাৰ বাবে গোচৰ ৰুজু কৰা হৈছে। তদুপৰি তলাবন্ধ ভংগ কৰাত প্ৰায় তিনি হাজাৰ গাড়ী চালকক জৰিমনা বিহা হৈছে। দিল্লীতো একেদৰে তলাবন্ধ ভংগ কৰা অভিযোগত নশজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।


































