IllegalSandMining : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : সৰুপথাৰ সমজিলাত ভূ-মাফিয়া আৰু বনদস্যুৰ দৌৰাত্ম্যৰ বিৰুদ্ধে এইবাৰ ৰাজপথলৈ ওলাই আহিল ক্ষুব্ধ ৰাইজ। বৰপথাৰ খণ্ড বন বিষয়াকাৰ্যালয়ৰ অধীনৰ ছেৱাগুৰিৰ ধনশিৰি নদীৰ পাৰত দীর্ঘদিন ধৰি চলি অহা বুলি অভিযোগ উঠা অবৈধ বালি-পলস খননক কেন্দ্র কৰি শুকুৰবাৰে নিশা সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।
স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, ৰেলৱে ঠিকাদাৰৰ সহযোগত হৰেন বৰা ওৰফে হৰ নামৰ এজন বনদস্যুৰ নেতৃত্বত দিনে-নিশাই ধনশিৰি নদীৰ পাৰৰ পৰা অবাধে বালি-পলস খনন চলি আহিছে। ফলত নদীৰ পাৰৰ লগতে মথাউৰিটোও ভয়াবহভাবে দুৰ্বল হৈ পৰাৰ অভিযোগ উঠিছে।
যিকোনো সময়তে ধনশিৰি নদীৰ জলস্তৰ বৃদ্ধি পালে মথাউৰি ভাঙি ছেৱাগুৰি, কৰদৈগুৰি, সৰুপথাৰ আৰু বৰপথাৰ অঞ্চলত বান পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আশংকা কৰিছে স্থানীয় ৰাইজে। অবৈধ খননৰ বিৰুদ্ধে ক্ষুব্ধ ৰাইজে অভিযান চলাই বালি-পলস কঢ়িওৱা কে’বাখনো ডাম্পাৰ আৰু এখন এক্সকেভেটৰ জব্দ কৰি বন বিভাগক চমজাই দিয়ে।
ঘটনাস্থলীত সৰুপথাৰ সমজিলাৰ দুজনকৈ দণ্ডাধীশ উপস্থিত হোৱাত পৰিস্থিতিয়ে বিশেষ গুৰুত্ব লাভকৰে। ইফালে, অত্যধিক ওজনৰ গধুৰ ডাম্পাৰৰ অহৰহ চলাচলৰ ফলত কেৱল নদীৰ মথাউৰিয়েই নহয়, অঞ্চলটোৰ গ্ৰাম্য পথসমূহো বিধ্বস্ত হৈ পৰা বুলি অভিযোগ কৰিছে ৰাইজে।
গধুৰ যান-বাহনৰ চলাচলৰ বাবে সঘনাই পথ দুৰ্ঘটনাৰ আশংকাও বৃদ্ধি পাইছে। বিশেষকৈ বিদ্যালয়লৈ অহা-যোৱা কৰা কণ-কণ ছাত্র-ছাত্রীসকলে বিপদসংকুল পৰিস্থিতিৰ মাজেৰে যাতায়াত কৰিবলগীয়া হৈছে বুলি স্থানীয় ৰাইজে ক্ষোভ প্রকাশ কৰে। ধনশিৰি নদীৰ পাৰৰ অবৈধ খননে আগন্তুক দিনত বৃহৎ বিপদ মাতি আনিব পাৰে বুলি আশংকা প্রকাশ কৰি ৰাইজে শীঘ্ৰে খনন বন্ধ কৰাৰ লগতে সমগ্ৰ ঘটনাৰ নিৰপেক্ষ তদন্ত আৰু দোষীৰ বিৰুদ্ধে কঠোৰ আইনগত ব্যৱস্থা গ্রহণৰ দাবী জনাইছে।
এতিয়া ধনশিৰি নদী, মথাউৰি আৰু বৃহত্তৰ সৰুপথাৰবাসীৰ সুৰক্ষাৰ স্বাৰ্থত প্রশাসনে এই অভিযোগ সমূহৰ বিৰুদ্ধে কিমান কঠোৰ পদক্ষেপ গ্রহণ কৰে, সেয়া লক্ষ্যণীয় হ’ব।


































