দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : তেজপুৰ ঘৰপৰা চুবুৰিৰ এগৰাকী ব্যক্তিয়ে ১০১ বছৰ অতিক্ৰম কৰি ১০২ বছৰত নিজৰ বৰ্ণাঢ্য জীৱন পৰিক্ৰমাত খোজ দিবলৈ অগ্ৰসৰ হোৱাৰ আনন্দত কালি গাঁওবাসীয়ে পৱিত্ৰ নামঘৰত তেওঁক উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে।
১০১ বছৰ অতিক্ৰম কৰাৰ পাছতো আজিও সুস্থ হৈ থকা নগেন চন্দ্ৰ বৰাক কাষত লৈ সকলোৱে গালে জীৱন জীয়াৰ গান। উল্লেখ্য যে ঘৰপৰা চুবুৰিৰ নিবাসী বৰাই জীৱনৰ ১০১ বছৰ অতিক্ৰম কৰি আজিও খোজকাঢ়ি অহা-যোৱা কৰিব পাৰে।
তেজপুৰ জিলা আযুক্ত কাৰ্যালয়ৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী বৰাই কঠোৰ নিয়মানুবর্তিতা আৰু অধ্যৱসায়ৰে নিয়ন্ত্রিত জীৱনশৈলীৰে জীৱন যাপন কৰি গাঁওখনৰ শতায়ু গৰকা ব্যক্তি হৈ পৰে। বৰাই গাঁওখনৰ লগতে তেজপুৰৰ ইতিহাস বুকুত সামৰি ৰাখিছে।
গাঁওখনৰ সকলো ৰাজহুৱা কৰ্মতে বৰা জড়িত থাকি সমাজখনক আগুৱাই নিয়াত যথেষ্ট অৱদান যোগাই আহিছে। সম্প্ৰতি ভাদমহীয়া নাম-প্ৰসংগৰ মাজতে ঘৰপৰা চুবুৰিৰ নামঘৰত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত ৰাইজে তেওঁক উষ্ম সম্বর্ধনা জ্ঞাপন কৰে।
উল্লেখ্য যে যোৱা ২৮ জুনত বার্ষিক বৰ সবাহৰ দিনাও ৰাইজে হৰিধ্বনিৰে বৰাৰ নামত তেজপুৰ পৌৰসভাৰ অন্তৰ্গত ১৬ নম্বৰ ৱাৰ্ড অন্তর্ভুক্ত ঘৰপৰা চুবুৰিৰ এটা উপপথৰ নামকৰণ কৰিছিল।



































