DonaldTrump : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : চৌখিন জীৱন যাত্রাত অভ্যস্ত মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে ৰাষ্ট্ৰপতিৰ কাৰ্যালয় হোৱাইট হাউছতে এক নাচ-গান-পাৰ্টিৰ বিলাসী (বলৰূম) নিৰ্মাণৰ অনুমতি পাইছে। এই কক্ষ নির্মাণত অলপতে মার্কিন সর্বোচ্চ ন্যায়ালয়ে অনুমতি প্রদান কৰে।
সেই অনুসৰি হোৱাইট হাউছৰ ছাউথ লনত ৩৮ হেজাৰৰো অধিক কোটি টকা ব্যয়ৰে এই কক্ষ নির্মাণ হ’ব। ইতিমধ্যে ইয়াৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছে। অৱশ্যে পূর্বে এখন নিম্ন আদালতে ট্রাম্পৰ এই বিলাসী কক্ষ নির্মাণত বাধা আৰোপ কৰিছিল।
পৰৱৰ্তী সময়ত উচ্চতম ন্যায়ালয়ে নিম্ন আদালতৰ নিষেধাজ্ঞা বাতিল কৰি হোৱাইট হাউছত বিলাসী কক্ষটো নির্মাণত অনুমতি দিয়ে। সেই মর্মে এই বিলাসী কক্ষ নিৰ্মাণৰ কাম আগবাঢ়িছে। কক্ষটো ইমানেই বিলাসী হ’ব যে ইয়াৰ স’তে কে’বাটাও বাংকাৰ আৰু হাস্পতালো সংলগ্ন হৈ থাকিব।
এই বিলাসী কক্ষ হোৱাইট হাউছৰ ছাউথ লনৰ ভাঙি পেলোৱা ইষ্ট উইঙৰ স্থানত নিৰ্মাণ কৰা হৈছে। এই বলাম সম্পৰ্কত ট্রাম্পে সদৰী কৰা মতে কক্ষটোৰ ভূগৰ্ভত বোমাৰ পৰা ৰক্ষা পৰাৰ কক্ষ, চিকিৎসাৰ সা-সুবিধা, ড্র’ন আৰু ক্ষেপণাস্ত্ৰৰ সুৰক্ষা কক্ষও থাকিব।
এই কক্ষক ৰাষ্ট্ৰপতিজনে এটা বৃহৎ, ব্যয়বহুল আৰু অতি জটিল গোট আখ্যা দিছে। এই নির্মীয়মাণ বলব্ধমে ৯০ হেজাৰ বৰ্গফুট ভূমি আগুৰি ধৰিব। উল্লেখ্য যে দেশখনৰ প্ৰথম মহিলাৰ কাৰ্যালয় স্থাপনৰ বাবে হোৱাইট হাউছৰ ইষ্ট উইং ভাঙি পেলোৱা হয়। এই ইষ্ট উইং ১৯০২৩ তদানীন্তন ৰাষ্ট্ৰপতি থিয়ড’ৰ ৰুছভেল্টৰ অধীনত নিৰ্মাণ কৰা হয়।
পৰৱৰ্তী সময়ত ১৯৪২৩ তদানীন্তন ৰাষ্ট্ৰপতি ফ্রেংকলিন ৰুছভেল্টৰ অধীনত এই ইষ্ট উইঙৰ সম্প্ৰসাৰণ ঘটোৱা হয়। গতিকে এই ইষ্ট উইং ভাঙিবলৈ লোৱাৰ বাবে ট্রাম্প প্ৰশাসনৰ বিৰুদ্ধে দেশখনৰ ঐতিহাসিক সম্পদ সংৰক্ষণৰ ৰাষ্ট্ৰীয় ন্যাস আদালতৰ দ্বাৰস্থ হৈছিল। কাৰণ ইষ্ট উইং ভঙাৰ বাবে প্রয়োজনীয় অনুমতি সংসদৰ পৰা ট্রাম্প প্রশাসনে লোৱা নাছিল। ইয়াকে লৈ চলা আইনী যুঁজ শেহতীয়াভাৱে অন্ত পৰিছে। উচ্চতম ন্যায়ালয়ে ট্রাম্পৰ সপোনৰ বলৰূম নির্মাণত অনুমতি প্ৰদান কৰে। এই বলৰূমৰ ওচৰতে এখন হেলিপেডো নিৰ্মাণ কৰি থকা হৈছে।




































