দেশত কৰ’নাৰ আক্ৰান্ত হৈ প্রথম এহেজাৰ জনৰ মৃত্যু হৈছিল ৪৮ দিনত । এতিয়া এই সমসংখ্যক লোকে প্ৰাণ হেৰুৱাইছে হৈছে মাত্ৰ চাৰিদিনত । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ ক’ভিড-১৯ সম্পৰ্কীয় এক বিশ্লেষণত এই তথ্য উদ্ধাৰ হৈছে । এই পৰিসংখ্যাই প্ৰতিফলিত কৰে ভাৰতত দিনে দিনে পৰিস্থিতি কিমান ভয়াবহ হৈছে । বিগত মাত্ৰ কেইটামান সপ্তাহৰ ভিতৰতে ভাৰতত ভয়াবহ ৰূপত বিয়পি পৰিছে কৰ’না । নাটকীয় হাৰত বৃদ্ধি পাইছে কৰ’নাৰ সংক্ৰমণ । বিগত ২৬ এপ্ৰিলৰ তথ্য অনুসৰি ৮৭দিনত দেশত ২৫ হেজাৰজন ক’ভিড-১৯ত আক্ৰান্ত হৈছিল । সম্প্ৰতি দ্ৰুতভাৱে বাঢ়িছে এই সংখ্যা । মাত্ৰ ছসপ্তাহতে এই সংখ্যা দুই লক্ষাধিক হয় । প্ৰকাশিত তথ্য অনুসৰি ২৬ এপ্ৰিলত ৮৭ দিনত আক্ৰান্ত হয় ২৬,৪৯৬জন ।
সাত মে’ত ১১ দিনত ৫২,৯৫২জন, ১৪ মে’ত সাতদিনত ৭৮,০০৩ জন,১৯মে’ত পাঁচদিনত ১,০১,১৩৯ জন, ২৩ মে’ত ১২৫১০১জন, ২৭মে’ত চাৰিদিনত ১৫১৭৬৭,৩১ মে’ত চাৰিদিনত ১৮২১৪৩জন, তিনি জুন ত তিনিদিনত ২০৭৬১৫ জন আৰু পাঁচ জুনত দুদিনত ২,২৬,৭৭০ জন হয়। ইপিনে, যোৱা ১২মাৰ্চত ভাৰতত প্ৰথম জন কৰ’না আক্ৰান্তৰ মৃত্যু হয় । ২৯ এপ্ৰিলত এই সংখ্যাই এহেজাৰ অতিক্ৰম কৰে । মাত্ৰ কেইটামান সপ্তাহৰ ভিতৰতে ভাৰতত মৃতকৰ মুঠ সংখ্যা ছয় হেজাৰৰ অধিক হয় । চাৰি জুন পৰ্যন্ত মাত্ৰ চাৰিদিনতে এশৰো অধিকৰ কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হয়। প্ৰথম এহেজাৰজনৰ মৃত্যু হৈছিল ৪৮দিনত আৰু এতিয়া চাৰিদিনৰ প্ৰয়োজন হৈছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ বিশ্লেষণ অনুসৰি প্ৰথম মৃত্যু হয় ১২মাৰ্চত ।
২৯ এপ্ৰিলত ৪৮দিনত ১,০০৮জন, ১০মে’ত ১১দিনত ২,১০৯জন । ১৮ মে’ত আঠদিনত ৩০২৯ জন,২৫মে’ত সাতদিনত ৪,০২১জন, ৩১ মে’ত ৬ দিনত ৫১৬৪ জন আৰু চাৰি জুনত ৬,০৭৫ জনৰ মৃত্যু হয় । আক্ৰান্ত আৰু মৃতকৰ এনে সংখ্যা বৃদ্ধিয়ে দেশত উদ্বেগৰ সৃষ্টি কৰিছে। বিশেষজ্ঞ সকলৰ মতে দেশজুৰি তলাবন্ধ প্ৰত্যাহাৰৰ পদক্ষেপত আৰম্ভ কৰা শিথিলতাৰ ফলত হঠাতে ভয়াবহ সংখ্যা বৃদ্ধি হ’ব পাৰে।ইয়াৰ বিপৰীতে কেন্দ্ৰীয় চৰকাৰে কয় যে বহুসপ্তাহ ধৰি অৰ্থনৈতিক কাম-কাজ বন্ধ হোৱাত বিত্তীয় সংকটে দেখা দিছে আৰু সেয়েহে
মানুহে ভাইৰাছৰ স’তে জীয়াই থাকিব লাগিব।