কৰ’না ভাইৰাছে দেশৰ অৰ্থনীতিক বিধ্বস্ত কৰি তুলিছে । চলিত বিত্তীয় বৰ্ষত ভাৰতৰ মুঠঘৰুৱা উৎপাদন ৪.৫ শতাংশ সংকুচিত হ’ব বুলি কয় বিত্তীয় মন্ত্ৰণালয়ে। তদুপৰি চৰকাৰৰ ৰাজহ সংগ্ৰহ প্ৰায় ৬৯ শতাংশ হ্ৰাস হ’ব বুলি প্ৰতিবেদনত প্ৰকাশ। কৰ’না ভাইৰাছৰ আক্ৰমণৰ ফলত চাহিদা আৰু যোগানৰ মাজত সামঞ্জস্য নথকাত জি ডি পি ৰ এই সংকুচন হ’ব বুলি কেন্দ্ৰীয় চৰকাৰৰ এক প্ৰতিবেদনত প্ৰকাশ। অৱশ্যে চৰকাৰৰ সংস্কৰণমুখী আৰু সমাজ কল্যাণমূলক একাধিক পদক্ষেপত অৰ্থনীতিৰ পুনৰুত্থান হ’ব বুলি তথ্য প্ৰকাশিত হৈছে। আন্তৰ্জাতিক মুদ্ৰানিধিয়ে পূৰ্বাভাস দিছিল যে ভাৰতত জি ডি পি চলিত বিত্তীয় বৰ্ষত ৪.৫ শতাংশ হ্ৰাস পাব পাৰে।
কেন্দ্ৰীয় বিত্ত মন্ত্ৰণালয়ৰ অধীনস্থ অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ প্ৰতিবেদন প্ৰকাশ কৰা হৈছে। এই প্ৰতিবেদনত একেই শংকাৰ কথা উল্লেখ কৰা হৈছে। কেন্দ্ৰ আৰু ৰিজাৰ্ভ বেংকে কৰ’না ভাইৰাছৰ সংক্ৰমণৰ হাৰ সঠিক পূৰ্বনুমান কৰিবলৈ সক্ষম হৈছিল বুলি প্ৰতিবেদনত দাবী কৰা হৈছে। কেন্দ্ৰৰ প্ৰতিবেদনত কোৱা হৈছে যে ‘আত্মনির্ভৰ ভাৰত অভিযান’ প্ৰকল্পত ২০ লক্ষ কোটি টকাৰ আর্থিক পেকেজ ঘোষণা কৰিছিল প্ৰধানমন্ত্ৰীয়ে। এই মৰ্মে আৰ্থিক সংকট বহু পৰিমাণে পুনৰ উদ্ধাৰ সম্ভৱ হৈছে। ‘ক’ভিডৰ পূৰ্বৱৰ্তী সময়ৰ পৰিস্থিতিৰ পৰা সম্পূৰ্ণৰূপে আনলক হ’লে অৰ্থনীতিত সংস্কাৰৰ প্ৰয়োজন হ’ব আৰু বৰ্তমানৰ এই পদক্ষেপসমূহ সেই সময়ত কামত আহিব।’ প্ৰতিবেদনত উল্লেখ।