অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ পূৰ্ণ প্ৰস্তুতি আৰম্ভ হৈছে । কিন্তু যি ঠাইত মন্দিৰ নিমাৰ্ণৰ সিদ্ধান্ত লোৱা হৈছে ঠাইৰ সন্দৰ্ভত আছিল এটা ঐতিহাসিক বিবাদ ৷ বিবাদ অনুসৰি বাবৰি মছজিদ ধৰ্বংসৰ অপৰাধত লালকৃষ্ণ আডৱানী, মুৰুলী মনোহৰ জোশী আৰু উমা ভাৰতীৰ দৰে দ্বিগজ নেতাসকল অভিযুক্ত হৈছিল । লক্ষ্ণৌৰ এখন বিশেষ আদালততে এই বিষয়টোৰ সন্দৰ্ভত ৩০ ছেপ্টেম্বৰত ৰায়দান দিব ।
সেয়েহে সকলোৱে আদালতত উপস্থিত থাকিব লাগিব । ১৯৯২ৰ ৬ ডিচেম্বৰত সংঘটিত বাবৰি মছজিদ ধ্বংস সন্দৰ্ভত বিজেপিৰ জ্যেষ্ঠ নেতা লালকৃষ্ণ আডৱানী, উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কল্যাণ সিং, উমা ভাৰতী, মুৰলী মনোহৰ জোশী, বিনয় কাটিয়াৰ আদি ব্যক্তি সকলৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল । এই গোচৰটোৰ সন্দৰ্ভত ৪৯ জন লোকক অভিযুক্ত কৰা হৈছিল ।
ইয়াৰ ভিতৰত চাহেব থাকৰে, অশোক সিংঘাল, গিৰিৰাজ কিশোৰৰ লগতে আন বহুজনৰ মৃত্যু হৈছে । ইফালে লালকৃষ্ণ আডৱানি, মুৰুলী মনোহৰ জোশী, কল্যাণ সিং, বিনয় কটিয়াৰ, উমা ভাৰতী আদি বহুজনৰ মন্তব্যক সম্প্ৰতি লোৱা হৈছে ।
আনহাতে সকলোকে আদালতত নিজৰ বিচাৰ উত্থাপন কৰিবলৈ সময়ো দিয়া হৈছিল । আডৱানী আৰু মুৰুলী মনোহৰ জোশীয়ে এই প্ৰসংগত কয় যে, তেওঁলোকৰ সন্দৰ্ভত লগা অভিযোগ ৰাজনীতিৰ দ্বাৰা পৰিচালিত । মুৰলী মনোহৰ জোশীয়েও নিজকে বাৰে বাৰে নিৰপৰাধী বুলি মন্তব্য কৰে ৷
তেওঁ কয় যে এই ঘটনা লগত জড়িত নাছিল ৷ কেৱল ৰাজনৈতিক লাভালাভৰ কাৰণে তেওঁৰ নাম সংলগ্ন কৰা হৈছে ৷ উল্লেখযোগ্য যে বাবৰি মছজিদ ধ্বংসৰ পিছত দুখন এজাহাৰ দাখিল কৰা হৈছিল ।
ইয়াৰে প্ৰথমখন এজাহাৰ আছিল কৰ সেৱক সকলৰ বিৰুদ্ধে আৰু দ্বিতীয় খন এজাহাৰত বিজেপিৰ জ্যেষ্ঠ নেতা লালকৃষ্ণ আডৱানী, উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কল্যাণ সিং, উমা ভাৰতী, মুৰলী মনোহৰ জোশী, বিনয় কাটিয়াৰ আদি ব্যক্তি সকলৰ নাম উল্লেখ কৰা হৈছিল ।






























