বেংকৰ ঋণ, চাকৰি দিয়াৰ প্ৰলোভনেৰে গোলাঘাট জিলাৰ গ্ৰামাঞ্চলৰ মহিলা আৰু যুৱকৰ পৰা ধন সংগ্ৰহ কৰি আত্মাসাৎ কৰাৰ পাছত অৱশেষত গোলাঘাট আৰক্ষীৰ জালত পৰি আজি ৰঙা ঘৰত সোমাল প্ৰৱঞ্চক মহিলা ।নাম ইনা খান ওৰফে তনবীৰ খান ওৰফে তনবীৰ আহমেদ ।
চতুৰ মহিলা গৰাকীয়ে চলাহী কথাৰে সহজতে ফান্দত পেলায় গাঁৱৰ দৰিদ্ৰ মহিলাসকলক । কাৰোবাক বেংকৰ পৰা লাখ-লাখ টকা ঋণ উলিয়াই দিয়া,কাৰোবাক চাকৰি দিয়াৰ প্ৰলোভন দি ইনা খানে দীৰ্ঘদিন ধৰি ধন সংগ্ৰহ কৰি আহিছিল ।
গোলাঘাটৰ শান্তিপুৰত ভাড়াতীয়া হিচাপে থকা ডিব্ৰুগড়ৰ মহিলাগৰাকীয়ে মেৰাপানী, নুমলীগড়, তেলগৰম, গোলাঘাট নগৰ আদিৰ বহু সংখ্যক মহিলাৰ পৰা বেংকৰ পৰা ঋণ দি দিম বুলি ৫ হাজাৰ, ১০ হাজাৰ, ২০ হাজাৰ টকাকৈ সংগ্ৰহ কৰে লাখ লাখ টকা । কিন্তু আজি দশা বেয়া আছিল ইনা খানৰ ।
গোলাঘাট নগৰত অস্থায়ীভাৱে থকা লখিমপুৰৰ বিক্ৰম শইকীয়া নামৰ যুৱকজনৰ পৰা চাকৰি দিয়াৰ নামত ধন সৰকোৱাৰ ফন্দি পাতি চতুৰ মহিলা ইনা খান আজি নিজেই ফান্দত পৰে আৰু আৰক্ষীৰ জালত বন্দী হৈ ৰঙা ঘৰত সোমাইগৈ ।
বিক্ৰম শইকীয়াই ধন নিবৰ বাবে গোলাঘাট সদৰ থানাৰ সন্মুখৰ ভাৰতীয় ষ্টেট বেংকৰ সমীপলৈ আহি অপেক্ষা কৰিবলৈ কৈ আৰক্ষীক সমগ্ৰ বিষয়টো অৱগত কৰে ।
আৰক্ষীয়ে ষ্টেট বেংকৰ সন্মুখৰ পৰা ইনা খানক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে । প্ৰলোভনেৰে ধন আত্মসাতৰ সন্দৰ্ভত ভুক্তভোগী মহিলাই গোলাঘাট সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ।






























