অসম ৰাজ্যিক পৰিবহন নিগমে শেহতীয়াকৈ ৰাজ্যত তথা মহানগৰীত দিয়া চিটীবাছসমূহৰ
বন্ধ প্ৰত্যাহাৰ কৰিবলৈ সন্মতি প্ৰদান কৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে বাছ তথা যাত্ৰীসকলৰ কাৰণে কিছুমান নিৰ্দেশনা জাৰি কৰিছে। তাৰ ভিতৰত
১.চিটীবাছসমূহে আসনতকৈ বেছি যাত্ৰী কঢ়িয়াব নোৱাৰিব ।অৰ্থাৎ পূৰ্বৰ ৫০ শতাংশ বিপৰীতে এতিয়া ১০০ শতাংশ আসন ব্যৱহাৰ কৰিব পাৰিব চিটীবাছসমূহে ।
২.চিটীবাছত কোনো যাত্ৰী থিয় হৈ যাত্ৰা কৰিব নোৱাৰিব ।
৩.যাত্ৰীসকলে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক। কোনো যাত্ৰীয়েই মাস্ক পৰিধান নকৰাকৈ চিটীবাছত যাত্ৰা কৰিব নোৱাৰিৱ।
৪.চিটীবাছত ছেনিটাইজাৰ ৰখাটো বাধ্যতামূলক।
৫.চিটীবাছসমূহ দিনটোৰ শেষত ছেনিটাইজ কৰাটো বাধ্যতামূলক।
৬.চালকৰ লগতে অন্যান্য যাত্ৰীসকলে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক।
৭.চিটীবাছসমূহে কোনো বৰ্ধিত হাৰত ভাড়া ল’ব নোৱাৰিব ৷






























