দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : গুৱাহাটীৰ বৰা ছাৰ্ভিচৰ সমীপৰ হোটেল বিলাসত সংঘটিত হৈছে গুলীচালনাৰ ঘটনা। দুৰ্বৃত্তৰ গুলীচালনাত নিহত হৈছে চাৰিজন লোক।
ADVERTISEMENT
এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ইপিনে, এই ঘটনাত মৃতকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে।
ঘটনাস্থলীত উপস্থিত হৈ মহানগৰ আৰক্ষীয়ে তালাচী অভিযান চলাই আছে। অৱশ্যে, গুলীচালনাৰ কাৰণ আৰু ঘটনাটোৰ স’তে জড়িত লোকসকলৰ বিষয়ে বিতং তথ্য প্ৰকাশ পোৱা নাই।




























