ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বাক্সা জিলাৰ শালবাৰীৰ ভকুৱামাৰীতো আজি মূল্যবৃদ্ধিৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমছুৱে ৷ আমছুৰ বাক্সা জিলা সমিতিৰ উদ্যোগত তথা বিভিন্ন আঞ্চলিক সমিতিৰ সহযোগত আনন্দ বজাৰ-গোৱৰ্ধনা পথৰ ভকুৱামাৰী চ’ক বজাৰত দুই ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হয় ৷
অৱস্থানস্থলীত আমছুৰ প্ৰতিবাদকাৰীসকলে আলু, পিয়াজকে ধৰি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী সন্মুখত লৈ লগতে হাতে হাতে প্লেকাৰ্ড লৈ “মূল্যবৃদ্ধি ৰোধ কৰক, বিজেপি চৰকাৰ হায় হায়, ফণীভূষণ চৌধুৰী মুৰ্দাবাদ, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, যোগান বিভাগ হায় হায়, যোগানমন্ত্ৰীৰ কাম নাই, যোগানমন্ত্ৰীক অপসাৰণ কৰক ইত্যাদি বিভিন্ন শ্লোগান দিয়ে ৷
কাৰ্যসূচীত বাক্সা জিলা আমছুৰ সভাপতি ছাইফুল ইছলাম খানে অংশগ্ৰহণ কৰি কয়- “আলু, পিয়াজকে ধৰি পেট্ৰল-ডিজেলৰ যি আকাশলংঘী মূল্যবৃদ্ধি হৈছে এইবোৰ অচিৰেই চৰকাৰে হ্ৰাস কৰিব লাগে ৷ যোগান বিভাগ চলোৱাৰ ক্ষেত্ৰত যোগানমন্ত্ৰী ফণীভূষণ চৌধুৰী একেবাৰে ব্যৰ্থ হৈছে ৷ তেঁওক তাৎক্ষণিকভাৱে নিজৰ দ্বায়িত্বৰ পৰা অপসাৰণ কৰিব লাগে ৷ সম্প্ৰতি অসমৰ যোগান বিভাগটোত যি খাম-খেয়ালীৰ সৃষ্টি হৈছে, বিভাগটোত মধ্যভোগী এক শ্ৰেণীৰ লোকে যি দালালৰাজ চলাই আছে এইবোৰ চৰকাৰে বন্ধ কৰিব লাগে ৷”
একেদৰে বাক্সা জিলা আমছুৰ সম্পাদক সাহাদত হুছেইনে কাৰ্যসূচীত ভাগ লৈ কয়- “ৰাজ্যত মূল্যবৃদ্ধিৰ ফলত দুখীয়া সৰ্বসাধাৰণ ৰাইজ বাৰুকৈয়ে অসুবিধাত পৰিছে ৷ এসাজ খাই এসাজ লঘোনে থাকিবলগীয়া হৈছে ৷ মূল্যবৃদ্ধি ৰোধৰ ক্ষেত্ৰত যোগানবিভাগ ব্যৰ্থ হৈছে ৷ অতি শীঘ্ৰেই মূল্যবৃদ্ধি ৰোধ কৰিব লাগে ৷”
উল্লেখ্য যে আজিৰ প্ৰতিবাদী কাৰ্যসূচীত আমছুৰ কেন্দ্ৰীয় সমিতিৰ সদস্য আব্দুৰ ৰহিম, বাক্সা জিলা আমছুৰ উপদেষ্টা মইনুল হক খান, শিক্ষা ও কেন্দ্ৰীয় আলোচনী সম্পাদক ছাকিল আহমেদকে ধৰি শতাধিক নেতাকৰ্মী আৰু সমৰ্থকে অংশগ্ৰহণ কৰে ৷






























