কপিল শৰ্মা শ্ব’ৰ কৃষ্ণা অভিষেক আৰু তেওঁৰ মামু তথা বলিউড তাৰকা গোবিন্দাৰ স’তে কিছু সময়ৰ পূৰ্বৰ পৰা মতভেদ চলি আছে ।তেওঁলোক দুয়ো তথা পৰিয়ালবৰ্গই বিষয়টোৰ সন্দৰ্ভত মত প্ৰকাশ কৰাৰ পৰা বিৰত আছে । কেৱল তেওঁলোকৰ মৌনতাই নহয় ৰাজহুৱা স্থানত একেলগে উপস্থিত থাকিবলৈ অস্বীকাৰ কৰাই তেওঁলোকৰ মাজত থকা মতভেদ অধিক প্ৰকত কৰে।
শেহতীয়া এক ইণ্টাৰভিউত প্ৰথমবাৰৰ বাবে গোবিন্দাই মুখ খোলে তেওঁ কয়, ‘মই জনতাৰ সন্মুখত এই বিষয়ত ক’বলৈ দুখ অনুভৱ কৰিছো, কিন্তু এইটোৱেই সত্যতা জনাৰ সথিক সময় । মোক টিভি শ্ব’ত অতিথি হিচাপে আমন্ত্ৰিত কৰাৰ বাবেই মোৰ ভতিজাই(কৃষ্ণা অভিষেক) মঞ্চত উপস্থিত নাথাকে। তেওঁ আমাৰ সম্পৰ্কৰ বিষয়েও কৈছিল । তেওঁ বহুতো মানহানীকৰ মন্তব্য কৰিছিল আৰু যিটো অৰ্থহীন ।’
বলিউড তাৰকাজনে তেওঁলোকৰ মতভেদৰ বিষয়ে মুখ খোলে আৰু তেওঁৰ ভতিজা কৃষ্ণাই তেওঁৰ ওপৰত কৰা সকলোবোৰ অভিযোগ অন্ত পেলাবলৈ আগবাঢ়ি আহে। ইয়াৰে এটা অভিযোগ হ’ল যে তেওঁৰ মামুৱে তেওঁৰ সন্তান ৰায়ান আৰু কৃষাংগক লগ কৰিবলৈ অহা নাই । এই বিষয়তো অস্বীকাৰ কৰি গোবিন্দাই কয়, ‘মই মোৰ পৰিয়ালৰ স’তে চিকিৎসালয়ত সন্তানকেইটিক চাবলৈ গৈছিলো আৰু তেওঁলোকক শুশ্ৰূষা কৰি থকা চিকিৎসক আৰু নাৰ্চকো লগ কৰিছিলো । কিন্তু নাৰ্চে মোক ক’লে যে কাশ্মীৰা শ্বাহে(কৃষ্ণাৰ পত্নী) পৰিয়ালৰ কোনো সদস্যই তেওঁলোকক লগ কৰাটো নিবিচাৰে । যেতিয়া আমি জোৰ কৰিলো তেতিয়া আমাক দূৰৰ পৰাই ল’ৰাকেইটিক চাবলৈ দিয়া হ’ল আৰু সেয়ে আমি দুখ মনেৰে ঘূৰি আহিলো । সেয়া যি কি নহওঁক মই দৃঢ়ভাৱে অনুভৱ কৰোঁ মে এই ঘটনা সম্পৰ্কে কৃষ্ণাই নাজানে । সি এইটো উল্লেখ কৰিব পাহৰিলে যে পাছত সি সন্তানকেইটি আৰু অৰজিত সিংহৰ স’তে আমাৰ ঘৰলৈ আহিছিল ।’
তেওঁলোক দুজনৰ আৰু পৰিয়ালৰ মাজত থকা মতভেদে অভিনেতাজনক দুঃখিত কৰিছে । তেওঁ কয়,
‘মই খুব সোনকালেই কৃষ্ণা আৰু কাশ্মীৰাৰ পৰা পোৱা মানহানীকৰ মন্তব্যবোৰ শেষ কৰিম । মই বুজিব পৰা নাই যে তেওঁলোকে ইয়াৰ পৰা কি আনন্দ পাইছে । সৰুৰ পৰাই কৃষ্ণাৰ মোৰ স’তে সম্পৰ্ক ভাল আছিল; মোৰ পৰিয়ালবৰ্গ আৰু বলিউড ইণ্ডাষ্ট্ৰিৰ সকলো সাক্ষী আছে । মই ভাবো পৰিয়ালৰ মতভেদ আৰু ভুল বুজাবুজি ৰাজহুৱা কৰাটো দুৰ্বলতাৰ পৰিচয় আৰু ইয়াৰ দ্বাৰা বহিৰাগতক সুযোগ দিয়া হৈছে ।’