ক্রিকেট প্রতিযােগিতাৰ ফাইনেলত ‘মেন অৱ দ্য মেচ বা শ্রেষ্ঠ খেলুৱৈ হােৱাৰ পুৰস্কাৰ পাঁচ লিটাৰ পেট্র’ল। এখন ক্রিকেট মেচত এইদৰে ইন্ধনৰ দ্রুত মূল্যবৃদ্ধিৰ অভিনৱ প্রতিবাদ জনালে খেলৰ আয়ােজকে। ভাৰতত যে ক্রিকেট কেৱল এবিধ খেলা নহয়, বৰঞ্চ সাধাৰণ জনতাৰ মনৰাে দর্পণ; সেয়াই যেন প্রতিফলিত হ’ল এই অভিনৱ প্ৰতিবাদত।
ভূপালৰ খেলখনৰ শেষত বঁটা বিতৰণী সভাৰ এখন ফটোৱে সম্প্রতি সামাজিক মাধ্যমত বিশেষ চর্চা লাভ কৰিছে। মধ্যপ্রদেশৰ এখন স্থানীয় ক্রিকেট প্রতিযােগিতাৰ ফাইনেলৰ অন্তত এই অভিনৱ প্রতিবাদ দেখা পােৱা যায়।সপ্তাহৰ সমাপ্তিত আয়ােজিত ফাইনেল খেলখনৰ অন্তত খেলৰ শ্রেষ্ঠ খেলুৱৈ ছালাউদ্দিন আব্বাছিৰ হাতত আয়ােজকে পুৰস্কাৰৰূপে পাঁচ লিটাৰ পেট্র’লৰ এটা গেলন তুলি দিয়ে।
অৱশ্যে কিয় এনে পুৰস্কাৰ দিলে সেই বিষয়ত আয়ােজকে স্পষ্টৰূপে একো কথা কোৱা নাই। অৱশ্যে এই ধৰণৰ পুৰস্কাৰ যে দেশব্যাপী আৰম্ভ হােৱা পেট্র’লৰ মূল্যবৃদ্ধি সংক্রান্তীয় বিতর্ক। প্রতিবাদ, তাক বােধহয় স্পষ্টৰূপে কোৱাৰ প্রয়ােজনে নহয়।সম্প্রতি দেশত উদ্বেগজনকভাৱে বাঢ়িছে পেট্রল-ডিজেল আৰু ৰন্ধন গেছৰ দাম। দেশৰ বিভিন্ন অঞ্চলত পেট্র’লৰ মূল্যই এশ অতিক্রম কৰিছে।
যাক লৈ সামাজিক মাধ্যমো সৰৱ হৈ আছে। কিছুদিন পূর্বে সামাজিক মাধ্যমত এখন ফটো ভাইৰেল হৈছিল। ফটোখনত দেখা গৈছিল, এটা পেট্রল পাম্পৰ সন্মুখত মূৰত হেলমেট পৰিধান কৰি হাতত দাঙি থকা বেট লৈ এজন লােকে প’জ দিছে। যিদৰে ক্রিকেট মেচত এজন বেটমেনে শতৰাণ অর্জনৰ পাছত দর্শকৰ অভিনন্দন গ্রহণ কৰে। পেট্রলৰ শতৰাণক কটাক্ষ কৰিয়ে তেওঁ সেইদৰে ফটো উঠিছিল।
সেই ভাইৰেল হােৱা ফটোখনৰ স’তে এইবাৰ যুক্ত হ’ল এই পুৰস্কাৰৰ ফটোখনাে। যাক সামগ্রিকভাৱে নতুন বছৰত পেট্রলসহ ইন্ধনৰ আকাশলংঘী মূল্যৰ বিৰুদ্ধে এক প্রতিবাদৰূপেই গণ্য কৰা হৈছে। এইবােৰ উদাহৰণে স্পষ্টৰূপে বুজাইদিছে ইন্ধনৰ দাম বৃদ্ধিয়ে সাধাৰণ জনজীৱনত কিমান গভীৰ প্ৰভাৱ পেলাইছে।