বানপানী, খৰাং আৰু চাইকেল’নৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ ঘটনা পূৰ্বতকৈ অস্বাভাৱিক হাৰত বৃদ্ধি পোৱাৰ ফলত বিপুল ঋণ অনাদায়ৰ আশংকাত ষ্টেট বেংক অৱ ইণ্ডিয়াসহ দেশৰ প্ৰথম শাৰীৰ বেংকসমূহ । বৰ্তমানৰ পৰিসংখ্যা অনুসৰি, বেংকবোৰৰ ছয় লাখ ১৯ হেজাৰ কোটি টকাৰো অধিক ঋণ অনাদায়ী হৈ থাকি যাব পাৰে । আজি প্ৰকাশিত বাৰ্ষিক ৰিপ’ৰ্টত এই উদ্বেগজনক তথ্য দিছে মুনাফাহীন পৰিৱেশিক সংস্থা ‘চিডিপি ইণ্ডিয়া’ই ।
ৰিপ’ৰ্টত জনোৱা হৈছে, অধিক আশংকাগ্ৰস্ত ষ্টেট বেংক অৱ ইণ্ডিয়া (এছবিআই) । কাৰণ, আটাইতকৈ বেছি পৰিমাণে ঋণ প্ৰদান কৰিছে তেওঁলোকেই । অধিক পৰিমাণে ঋণ প্ৰদান কৰা অন্যতম বেংকসমূহ হৈছে এইচডিএফচি বেংক, ইণ্ডাছইণ্ড বেংক লিমিটেড আৰু এক্সিছ বেংক ।
এই বেংকসমূহে চিডিপিক জনাইছে, তেওঁলোকে প্ৰদান কৰা বিপুল অংকৰ ঋণৰ বৃহৎ অংশ গৈছে কৃষি আৰু সংশ্লিষ্ট ক্ষেত্ৰসমূহত । কিন্তু বান, অতি বৃষ্টি, খৰাং আৰু চাইক্ল’ৰনৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ ঘটনা পূৰ্বতকৈ অস্বাভাৱিক হাৰত বৃদ্ধি পোৱাৰ বাবে কৃষি উৎপাদন হ্ৰাস পাইছে । এই পৰিস্থিতিতিত কৃষকসকল বিপন্ন হৈ পৰিছে । তেওঁলোকে বেংকবোৰৰ পৰা ই।ৰহণ কৰা ঋণ পৰিশোধ কৰিব পৰা নাই । ফলত বিপুল অংকৰ বেংক ঋণ অনাদায়ৰ আশংকা বাঢ়ি গৈছে ।
তেওঁলোকে লগতে জনায় যে, চিমেণ্ট উৎপাদন, কয়লা আৰু তেল উত্তোলন, পৰিশোধন আৰু বিদ্যুৎ উৎপাদনৰ ব্যৱসায় সম্প্ৰসাৰণত প্ৰভাৱ বিস্তাৰ কৰিছে ।
চিডিপি ইণ্ডিয়াৰ অধিকৰ্তা দমনদ্বীপ সিঙে কয়, ‘জলবায়ু পৰিৱৰ্তন, পৰিৱেশৰ গুণগত মানৰ পৰিৱৰ্তনে সম্প্ৰতি বেংকবোৰৰ ব্যৱসায় আৰু বৃদ্ধিৰ পথত বাধাৰ সৃষ্টি কৰিছে ।’