ছাইনা নেহৱালৰ বায়’পিকৰ প’ষ্টাৰ মুক্তি পোৱাৰ ২৪ ঘণ্টাৰ ভিতৰতে ব্যাপক সমালোচনাৰ সন্মুখীন হৈছে । চলচ্চিত্ৰত ছাইনাৰ ভূমিকাত থকা অভিনেত্ৰী পৰিণীতি চ’প্ৰাকো ট্ৰ’ল কৰা হৈছে ।
প’ষ্টাৰত দেখা গৈছে যে, শাটলকক ওপৰত দলিয়াই ছাৰ্ভ কৰিবলৈ প্ৰস্তুত হৈছে এগৰাকী বেডমিণ্টন খেলুৱৈ । এনে ধৰণৰ ছাৰ্ভ টেনিছত দেখা গ’লেও বেডমিণ্টনত নিষিদ্ধ । সেয়ে ছাইনাৰ এনেকৈ ছাৰ্ভ কৰাৰ প্ৰশ্নই নাই ।
SAINA! 🏸 26th March in cinemas 💕https://t.co/8mNycMj9In@NSaina #AmoleGupte #ManavKaul @eshannaqvi #BhushanKumar @deepabhatia11 @Sujay_Jairaj @raseshtweets #KrishanKumar @AmaalMallik @manojmuntashir @kunaalvermaa77 @TSeries #FrontFootPictures #AGCPL
— Parineeti Chopra (@ParineetiChopra) March 2, 2021
আগন্তুক ২৬ মাৰ্চত ছাইনাৰ বায়’পিকখনে মুক্তি পাব । প্ৰথমে তাপসী পন্নুক এই চৰিত্ৰৰ বাবে বাচনি কৰা হয় যদিও পাছত সুযোগ লাভ কৰে পৰিণীতিয়ে । চলচ্চিত্ৰখনৰ পৰিচালক অমল গুপ্ত । এনে ধৰণৰ ত্ৰুটি মানি নলয় নেতাসকলে । টুইটাৰত ক্ষোভ প্ৰকাশ কৰি লিখে, ‘বেডমিণ্টনত কোনেও এনেকৈ শাটলকক দলিয়াই ছাৰ্ভ নকৰে । আৰম্ভণিতেই উজতি ।’
এজন বেডমিণ্টন অনুৰাগীয়ে লিখে, ‘এইটোতো টেনিছৰ ছাৰ্ভ । হয়তো ছানিয়াৰ (মিৰ্জা) অনুৰাগীয়ে ছাইনাৰ চলচ্চিত্ৰৰ প’ষ্টাৰ বনাইছে ।’
Isn’t that a tennis 🎾 serve ? 🤔 Seems like a SANIA fan made the SAINA poster 🙄
— Aayush Khanna (@aayushkhanna) March 2, 2021
আন এজনে লিখে, ‘এই প’ষ্টাৰ ছাইনা নেহৱালৰ নহয়, ছানিয়া মিৰ্জাৰ বায়’পিকৰ বাবে অধিক যোগ্য ।’
https://twitter.com/ArihantJejani/status/1366669055579553795?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1366669055579553795%7Ctwgr%5E%7Ctwcon%5Es1_c10&ref_url=https%3A%2F%2Fwww.anandabazar.com%2Fsports%2Fposter-of-saina-nehwals-biopic-heavily-trolled-on-social-media-dgtl%2Fcid%2F1269259
বেডমিণ্টনৰ নিয়ম অনুযায়ী, ছাৰ্ভ আণ্ডাৰআৰ্মৰ তলত হ’ব লাগে আৰু ৰেকেট কঁকালৰ তলত থাকিব লাগে । অভাৰআৰ্ম ছাৰ্ভ বেডমিণ্টনৰ নিয়ম নহয় ।
I loved this poster but at the same time I dislike it. Btw all the best for Swiss open.
— Himanshu Dixit (@Himansh84873490) March 2, 2021
Amazing picture of a tennis service. ❤️
— That Nair Guy (@surajv369) March 2, 2021