জম্মু কাশ্মীৰৰ প্ৰশাসনৰ নিৰ্দেশনা বিদ্যালয়ৰ ছাইনবোৰ্ডত থাকিব লাগিব পতাকা। সকলো বিদ্যালয়তে এই নিৰ্দেশনা জাৰি কৰিলে জম্মু -কাশ্মীৰৰ প্ৰশাসনে । বিদ্যালয়বোৰৰ অট্টালিকাবোৰৰ ৰং কি হ’ব সেই বিষয়েও নিৰ্দেশনা জাৰি কৰিলে জম্মু কাশ্মীৰৰ প্ৰশাসনে। নতুন নিৰ্দেশনাত কোৱা হৈছে যে বিদ্যালয়বোৰৰ বেৰত থাকিব লাগিব ধূসৰ আৰু বগা ৰং আৰু এই সমগ্ৰ বিষয়টো নিৰীক্ষণ কৰিবলৈ থাকিব এজন নোডাল বিষয়া ।
নিৰ্দেশনাত এইটোও কোৱা হয় যে ৩০ এপ্ৰিলৰ ভিতৰত সম্পূৰ্ণ কৰিব তুলিব লাগিব নিৰ্দেশনাসমূহ । প্ৰতি সপ্তাহত বিদ্যালয়ৰ কৰ্তৃপক্ষই প্ৰশাসনিক বিভাগলৈ প্ৰতিবেদন দাখিল কৰিব লাগিব। বিদ্যালয়ৰ মুৰব্বীক এই সন্দৰ্ভত দ্ৰুত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে বিদ্যালয় শিক্ষা বিভাগে ।
বিশেষজ্ঞসকলে কয় যে সংবিধানৰ ৩৭০ অনুচ্ছেদ বাতিল কৰাৰ পাছত প্ৰশাসনে জম্মু আৰু কাশ্মীৰত শিক্ষা ব্যৱস্থাটো সলনি কৰিবলৈ চেষ্টা কৰি আছে।সমগ্ৰ শিক্ষা ব্যৱস্থাটো নিয়মানুবৰ্তিতাৰ মাজত আনিব বিচাৰিছে ।তাৰ মাজত এইটো প্ৰথম পদক্ষেপ বুলি ভবা হৈছে।
জম্মু আৰু কাশ্মীৰ প্ৰশাসনে এই বছৰৰ আৰম্ভণিতে সকলো প্ৰশাসনিক ভৱনত গণৰাজ্য দিৱসত পতাকা উৰাৰ নিৰ্দেশ দিছিল। এইবাৰ তেওঁলোকে বিদ্যালয়বোৰৰ ছাইনবোৰ্ডতো পতাকা থকাটো বাধ্যতামূলক কৰিছে।






























