বিটিআৰৰ কোকৰাঝাৰ জিলাৰ কোকৰাঝাৰ সংমণ্ডৰ অধিন চিথিলাৰ পৰা ভাওঁৰাগুৰীলৈ যোৱা গড়কাপ্তানী পথটো জৰাজিৰ্ণ হৈ পৰাত পথাচাৰীয়ে এতিয়া নৰক যাতনা ভূগিবলগীয়া হৈছে।
দীৰ্ঘদিনৰ পৰা পথটো জৰাজিৰ্ণ হৈ থকাত গড়কাপ্তানী বিভাগে মেৰামতি কৰাৰ বাবে অনুমোদন জনাইছে। অনুমোদন পোৱা চিথিলাৰ পৰা ভাওঁৰাগুৰীলৈ যোৱা গড়কাপ্তানী পথটো মেৰামতি কৰাৰ বাবে বিশেষ কোনোবা এজন ঠিকাদাৰক দায়িত্ব প্ৰদান কৰিছিল যদিও আজিলৈকে পথছোৱা যাতায়তৰ বাবে সুচল হৈ নুঠিল।
পথটো দীৰ্ঘদিনৰ পৰা জৰাজিৰ্ণ হৈ থকাৰ বাবে আজি সদৌ অসম বাঙালি যুৱ ছাত্র ফেডাৰেচন, আৰ চি চি অফ বিটিএফৰ তৰফৰ পৰা পথটো অতি সোনকালে সুচল কৰাৰ দাবী জনাইছে।
সদৌ অসম বাঙালি যুব ছাত্র ফেডাৰেচনৰ সভাপতি ইন্দ্ৰজীৎ দেৱনাথে সাংবাদিকৰ সাক্ষাৎকাৰত কয় যে অলপদিনৰ ভিতৰতে যদি পথছোৱা যাতায়তৰ বাবে সুচল হৈ নুঠে তেনেহলে অনাগত দিনত গণতান্ত্রিক ভাবে আন্দোলন গঢি তুলিব ।






























