চলিত সপ্তাহতে মুক্তি লাভ কৰিছে অক্ষয় কুমাৰৰ ‘বেল বটম’ ছবিৰ ট্রেইলাৰে। একচন দৃশ্যৰে ভৰপূৰ ছবিখনৰ ট্ৰেইলাৰ দেখিয়েই ইতিমধ্যে চৰ্চা আৰম্ভ হৈছে। অৱশ্যে ট্রেইলাৰ মুক্তিৰ পাছত আলােচনাৰ কেন্দ্রবিন্দু অৱশ্যে অক্ষয় কুমাৰ নহয়, বৰঞ্চ লাৰা দত্তহে।
ছবিখনত প্রাক্তন প্রধানমন্ত্রী প্রয়াত ইন্দিৰা গান্ধীৰ ৰূপত লাৰাক দেখি সকলােৱেই হতবাক হৈ পৰিছে। বলিউদৰ এগৰাকী ষ্টাইলিছ অভিনেত্রীক ইন্দিৰা গান্ধীৰ ৰূপত দেখি বহুতে বিশ্বাসেই কৰিব পৰা নাছিল যে এইগৰাকী আচলতে লাৰা দত্তহে।
অক্ষয় অভিনীত ছবিখনে যােৱা বছৰেই মুক্তি পােৱাৰ কথা আছিল। অৱশ্যে কৰ’না পৰিস্থিতিৰ বাবে মুক্তিৰ দিন সঘনাই পিছুৱাই থাকিবলগীয়া হয়। পৰিচালক ৰঞ্জিৎ এম তিৱাৰীকে ধৰি ছবিখনৰ স’তে যুক্ত কোনেও ছবিখন অটিটিত মুক্তি দিবলৈ বিচৰা নাছিল।
সেইবাবেই একাধিকবাৰ স্থগিত হৈছিল মুক্তিৰ দিন। অৱশেষত ঠিৰাং হ’ল যে অহা ১৯ আগষ্টত ছবিখন চিত্ৰগৃহতে মুক্তি দিয়া হ’ব। ছবিখন এক সত্য কাহিনীৰ আলমত নির্মাণ কৰা হৈছে। প্রাক্তন প্রধানমন্ত্রী ইন্দিৰা গান্ধীৰ চৰিত্র ৰূপায়ণৰ বাবে লাৰাই নিজৰ মুখৰ চেহেৰাই সলনি কৰি পেলালে।
উল্লেখ্য যে ২০১৯তাে অক্ষয়ৰ পাঁচখন ছবিয়ে মুক্তি লাভ কৰিছিল। ক’ভিডৰ বাবে মাজতে কিছুদিন কাম বন্ধ হৈ আছিল। তথাপি বলিউদৰ খিলাডী কুমাৰ ঘৰত বহি থকা মানুহ নহয়। তলাবন্ধৰ সময়ত তেঁৱেই প্রথম অভিনেতাৰূপে ক’ভিড বিধি মানি বিজ্ঞাপনৰ চিত্রগ্রহণত অংশ লৈছিল।
ইয়াৰ উপৰি অক্ষয়েই প্রথমে কৰ’না পৰিস্থিতিত বিদেশত চিত্রগ্রহণ কৰিবলৈ গৈছিল। বিগত বৰ্ষৰ ছেপ্টেম্বৰত তেওঁ স্কটলেণ্ডত ‘বেল বটম’ৰ চিত্রগ্রহণ সম্পূর্ণ কৰে। লগত আছিল বাণী কাপুৰ আৰু হুমা কুৰেশ্বি। ‘বেল বটম’ৰ উপৰি অক্ষয়ৰ আগন্তুক ছবিৰ তালিকাত আছে ‘পৃথ্বীৰাজ’ আৰু ‘সূর্যবংশী’।





























