West Karbianglong:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ সৃষ্টিয়ে মানৱ সমাজক দিয়ে নতুন নতুন উপহাৰ। আৰু তেনেবোৰ উদ্দেশ্য সন্মুখত লৈয়ে খেৰণি বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ, ৰংখাং খণ্ডৰ উদ্যোগত যোৱা শনিবাৰে অনুষ্ঠিত হয় দিনজোৰা কাৰ্যসূচীৰে বিজ্ঞানভিত্তিক চিত্ৰাংকণ, আৰ্হি প্ৰকল্প, আইডিয়া আৰু আকস্মিক বক্তৃতা আদি প্ৰতিযোগিতাৰ।
উল্লেখযোগ্য যে ৰংখাং খণ্ডৰ বিজ্ঞান কেন্দ্ৰৰ সভাপতি অতুল শৰ্মাই মুকলি কৰা আৰু আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ, ৰংখাং খণ্ডৰ সমন্নয়ক বীৰেন ডেকাই উদ্দেশ্য ব্যাখ্যা কৰা প্ৰতিযোগিতা অনুষ্ঠানত বিভিন্ন শিক্ষানুষ্ঠানৰ ৩২ গৰাকী শিক্ষক-শিক্ষয়ত্ৰীৰ উপস্থিতিত বৃহত্তৰ অঞ্চলটোৰ ১৯ খন বিদ্যালয়ৰ ১৮২ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিযোগী হিচাপে অংশগ্ৰহণ কৰি নিজৰ প্ৰতিভাৰ বহিঃপ্ৰকাশ কৰে অনুষ্ঠিত প্ৰতিযোগিতাখনৰ জৰিয়তে।
প্ৰতিযোগিতাৰ বিচাৰক হিচাপে ধন কুমাৰ চৌহান, ৰমেশ চৌহান, মুন্না পাল, সুনীল বৰগোঁহাই, সুমন ঝা, ছাৰ-ইম ৰংহাং, জগদীশ কলিতা আৰু হাৰমন ৰংপিয়ে বিচাৰ কৰা প্ৰতিযোগিতাসমূহৰ ভিতৰত আৰ্হি প্ৰকল্প প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে তুমপ্ৰেঙ ভি কে ভি-ৰ ক্ৰমে ৰহণ মোলাং আৰু প্ৰীত দেয়ে বিপৰীতে দ্বিতীয় স্থান লাভ কৰে তুমপ্ৰেঙ ভি কে ভি-ৰ ক্ৰমে সুভানা মলেশ আৰু ৰূপজ্যোতি লাংথাছাই লগতে তৃতীয় স্থান লাভ কৰে খেৰণি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ক্ৰমে চেৰ্মিলা বেপি আৰু ছাৰহন তিমুঙে।
একেদৰে চিত্ৰাংকণ প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে খেৰণি হিন্দুস্তানী কেন্দ্রীয় বিদ্যালয়ৰ অভিমুন্য পালে আৰু একেখন বিদ্যালয়ৰ সাক্ষী কুমাৰীয়ে লাভ কৰে দ্বিতীয় স্থান লগতে তৃতীয় স্থান লাভ কৰে এছ আৰ এম একাডেমিৰ ছাত্ৰ জিনং তিমুঙে। সমান্তৰালকৈ আইডিয়া প্ৰতিযোগিতাত তুমপ্ৰেঙ ভি কে ভি-ৰ স্নেহা শইকীয়াই প্ৰথম স্থান, খেৰণি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰন্থনা ৰংফাৰপীয়ে দ্বিতীয় স্থান আৰু তুমপ্ৰেঙ ভি কে ভি-ৰ নয়নীকা ক্ৰপিয়ে তৃতীয় স্থান লাভ কৰে।ইয়াৰ উপৰিও আকস্মিক বক্তৃতা প্ৰতিযোগিতাত জে ই এম ইংলিছ স্কুলৰ ছাত্ৰ কৃষ্ণা ভগতে প্ৰথম স্থান, তুমপ্ৰেঙ ভি কে ভি-ৰ ছাত্ৰ অংশুমান দাহালে দ্বিতীয় স্থান আৰু তুমপ্ৰেঙ ভি কে ভি-ৰ হিমাংক ছেত্ৰীয়ে তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হয়।
প্ৰণিধানযোগ্য যে স্থানপ্ৰাপ্ত প্ৰতিযোগিক প্ৰমাণ পত্ৰৰে সন্মানিত আৰু স্বীকৃতি দিয়াৰ লগতে শিক্ষামূলক সামগ্ৰীৰে পুৰস্কৃতও কৰা পৰিলক্ষিত হয় উদ্ধোগতাই। লগতে স্থানপ্ৰাপ্ত প্ৰতিযোগীক জিলা ভিত্তিক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ বাবেও নিৰ্বাচিত কৰে উদ্ধোগতাই।
ADVERTISEMENT


































