নীৰব মোদী, মেহুল চোক্সি, বিজয় মালিয়াক দেশত উভতাই অনাৰ চেষ্টা অব্যাহত । পশ্চিমবংগৰ সাৰদা-নাৰদৰ পৰা কয়লা কাণ্ড, কংগ্রেছসহ প্রায় সকলো বিৰোধী নেতাদসকলৰ বিৰুদ্ধেও তদন্ত চলিছে । তেনে সময়তে এনফ’র্ছমেন্ট ডিৰেক্টৰেট (ইডি)ৰ ডিৰেক্টৰ সঞ্জয়কুমাৰ মিশ্রৰ ম্যাদ পুনৰ বৃদ্ধি কৰা হ’ব নে নাই, তাক লৈ মোদী চৰকাৰৰ অন্তৰ্ৱৰ্তীমহলত আলোচনা আৰম্ভ হৈছিল । কিন্তু আজি উচ্চতম ন্যায়ালয়ৰ নির্দেশে এই আলোচনাত চেঁচা পানী ঢালিলে ।
শীর্ষ আদালতে জনায়, নৱেম্বৰত ম্যাদ উকলাৰ পাছত ইডি-ৰ ডিৰেক্টৰ পদত আৰ মিশ্রৰ ম্যাদ বঢ়োৱা নহ’ব । কয়লা সৰবৰাহ কাণ্ডত ইডিয়ে যেতিয়া পুনৰ অভিষেক বন্দ্যোপাধ্যায়ক সোধ-পোচৰ বাবে মাতে, তেতিয়া মোদী চৰকাৰে ইডি-ৰ নতুন ডিৰেক্টৰৰ সন্ধানত নামিবলগীয়া হয় ।
ইণ্ডিয়ান ৰেভেনিউ ছার্ভিচৰ বিষয়া সঞ্জয়কুমাৰ মিশ্রক ২০১৮ত ইডি-ৰ ডিৰেক্টৰ পদত দুবছৰৰ বাবে নিয়োগ কৰা হৈছিল । বিগত বৰ্ষত তেওঁৰ ম্যাদ এবছৰ বৃদ্ধি কৰা হয় । তাৰ বাবে ২০১৮ৰ নিয়োগৰ পূৰ্বৰ নির্দেশনাত সংশোধন কৰি দুবছৰীয়া নিয়োগক তিনি বছৰ কৰা হয় । ইয়াৰ বিৰুদ্ধে শীৰ্ষ ন্যায়ালয়ত গোচৰ দাখিল কৰা হয় ।
চৰকাৰৰ মতে, গুৰুত্বপূর্ণ তদন্ত শেষ কৰাৰ পাছতেই মিশ্রৰ ম্যাদ বৃদ্ধি কৰা হৈছে । আজি উচ্চতম ন্যায়ালয়ে ৰায় দিছে, তদন্ত শেষ কৰাৰ স্বার্থত অবসৰৰ পাছতো যুক্তিসংগত সময়ৰ বাবে ম্যাদ বৃদ্ধি কৰিব পাৰে । কিন্তু আৰু ম্যাদ বঢ়াব পৰা নাযায় । ফলত দিল্লীৰ খান মার্কেটৰ লোকনায়ক ভৱনত ইডি-ৰ সদৰ দফতৰৰ শীর্ষ পদত নৱেম্বৰৰ পাছত কাক দেখা যাব, তাক লৈ প্রশ্ন উত্থাপন হৈছে ।
চৰকাৰী সূত্র অনুসৰি, বিত্ত মন্ত্রণালয়ৰ ৰাজহ বিভাগৰ ইডি-ৰ ডিৰেক্টৰ পদত পূৰ্বৰ অৰুণ মাথুৰৰ দৰে আইএএছ বিষয়াসকলক দেখা গৈছে । তদুপৰি কার্নেল সিঙৰ দৰে আইপিএছ বিষয়াও ডিৰেক্টৰ পদত থাকিব । সম্প্ৰতি আইআৰএছ বিষয়া মিশ্র ডিৰেক্টৰ পদত ।
টু-জি স্পেকট্রাম কেলেংকাৰীৰ তদন্তৰ পাছৰ পৰা ইডি-ৰ ভূমিকা গুৰুত্বপূর্ণ হৈ উঠে । সম্প্ৰতি এই সম্পূৰ্ণ ৰাজনৈতিকভাৱে স্পর্শকাতৰ তদন্তত ইডি জড়িত । ফলত প্রধানমন্ত্রীৰ আস্থাভাজন কোনো বিষয়াকেই বাছনি কৰা হ’ব বুলি চৰকাৰী কর্তাসকলে ধাৰণা কৰিছে । ইডি-ৰ এজন কর্তাই কয়, “বর্তমান ডিৰেক্টৰ মিশ্রৰ দৰে পাছত থাকি নিঃশব্দে কাম কৰা, ব্যক্তিকেই বেছনি কৰা হ’ব ।’’