কৰ’নাৰ অ’মিক্ৰন ভেৰিয়েণ্টে এতিয়া সকলো ঠাইতে আতংক বিয়পাইছে ৷ বাংলাদেশত সন্ধান পোৱা গৈছে অ’মিক্ৰনৰ । এই কথা ঘোষণা কৰিছে দেশৰ স্বাস্থ্য মন্ত্ৰণালয়ে ।
বাংলাদেশৰ (Bangladesh) স্বাস্থ্য মন্ত্ৰী জাহিদ মালিকে শনিবাৰে কয় যে জিম্বাবোৱেৰ পৰা খেলি স্বদেশলৈ উভতি অহা বাংলাদেশৰ মহিলা ক্ৰিকেট দলৰ দুগৰাকী ক্ৰিকেটাৰক ক’ভিড পৰীক্ষাত আক্ৰান্ত বুলি ধৰা পৰিছে ৷ সেই দুটা নমুনা পৰীক্ষণত অ’মিক্ৰনৰ উপস্থিতি ধৰা পৰে ৷
দুয়োগৰাকী মহিলা ক্ৰিকেটাৰক এতিয়া আইছুলেচন কৰি ৰখা হৈছে ৷ চিকিৎসকসকলেও তেওঁলোকৰ শৰীৰত সংক্ৰমণৰ পৰিমাণ অতি কম বুলি জনাইছে ৷
এই পর্যন্ত পৃথিৱীৰ কোনো ঠাইত অ’মিক্ৰনত সংক্ৰমিত হৈ মৃত্যু হোৱাৰ সন্ধান নাই ৷ কিন্তু বিশেষজ্ঞসকলে কয় যে কৰ’নাৰ এই প্ৰকাৰটো ডেল্টাতকৈ অধিক বিপজ্জনক ৷





























