অ’মিক্ৰনত আক্ৰান্ত প্ৰথমজন ৰোগীৰ মৃত্যু । ৰাজস্থানৰ উদয়পুৰত ৭৩ বছৰীয়া এজন ব্যক্তি অ’মিক্ৰনত এজন আক্রান্ত হয় মৃত্যু হয় । বুধবাৰে এই খবৰ জনালে ৰাজস্থান চৰকাৰে ।
ৰাজস্থানৰ স্বাস্থ্য বিভাগৰ সূত্ৰ অনুসৰি , কৰ’নাৰ দুটা কৰ’না প্ৰতিষেধকো গ্ৰহণ কৰিছিল ব্যক্তিজনে । ডায়েবেটিচ, উচ্চ ৰক্তচাপৰ দৰে কে’বাটাও কো’মৰ্বডিটিও আছিল।
ব্যক্তিজন লক্ষ্মীনাৰায়ণ নগৰৰ বাসিন্দা। স্বাস্থ্য বিভাগে জনাইছে, বিগত ১৫ ডিচেম্বৰত ক’ভিডত আক্রান্ত হৈছিল লোকজন ।
তেতিয়া তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। তেওঁৰ শৰীৰত ভাইৰাছৰ মাত্ৰ অধিক উঠাৰ লগে লগে জিন পৰীক্ষণ কৰা হয়। তেতিয়াই তেওঁৰ শৰীৰত অ’মিক্ৰনৰ উপস্থিতি ধৰা পৰে।
চিকিৎসালয়ৰ সূত্ৰই কয় যে তেওঁ সাম্প্ৰতিক সময়ত ক’লৈও ভ্ৰমণ কৰা নাই। তেওঁ ঘৰতে আছিল। কোনেও তেওঁৰ সংস্পৰ্শলৈ অহা নাই বুলি কোৱা জানিবলৈ দিয়ে ।






























