With the increase in heat, the demand for ACs has also increased:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক::বিগত কিছু বছৰৰ পৰা গৰমৰ প্ৰকোপ বৃদ্ধি পাবলৈ ধৰিছে। সেই অনুসৰি, শীত-তাপ নিয়ন্ত্রিত যন্ত্র (এচি) ৰ বিক্ৰীও বৃদ্ধি পাবলৈ ধৰিছে। আনকি পৰিস্থিতি উন্নত নহ’লে আগন্তুক কিছু বছৰত প্ৰায় সকলোৰে ঘৰে ঘৰে এচি দেখিবলৈ পোৱা যাব পাৰে।
এনে সম্ভাৱনা ব্যক্ত কৰি আন্তর্জাতিক শক্তি সংস্থা (আইইএ)ই ‘ৱৰ্ল্ড এনার্জী আউটলুক ২০২৬’ শীর্ষক প্রতিবেদনত প্রকাশ কৰিছে যে আগন্তুক ১০ বছৰত ভাৰতত অতিৰিক্ত ২০ কোটি এয়াৰ কণ্ডিচনাৰ বিক্ৰীৰ সম্ভাৱনা আছে।
উক্ত সংস্থাৰ মতে, সম্প্ৰতি ভাৰতকে ধৰি দক্ষিণ শতাংশৰো কম। তৎসত্ত্বেও এছিয়াৰ দেশসমূহত এচিৰ সংখ্যা বর্তমানে শতাংশৰো কম৷তৎসত্বেও আগন্তুক ২০৩৫লৈ দেশত এচিৰ সংখ্যা ২০ শতাংশ পর্যন্ত বৃদ্ধিৰ সম্ভাৱনা আছে। ফলত সমগ্র বিশ্বতে আগন্তুক বছৰসমূহত ইন্ধনৰ চাহিদাও বিপুল হাৰত বৃদ্ধি পাব পাৰে। আইইএৰ মতে, ভাৰত, ইণ্ডোনেছিয়া আদি দেশত এচিৰ ব্যৱহাৰ তুলনামূলকভাৱে কম।
ইয়াৰ বিপৰীতে অস্ট্রেলিয়া, জাপান আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰায় ৯০ শতাংশ পৰিয়ালৰ ঘৰত অন্ততঃ এটা এচি থাকে। যিহেতু আগন্তুক কিছু বছৰত ভাৰততো ব্যাপক হাৰত এচি বৃদ্ধিৰ সম্ভাৱনা আছে, গতিকে বিদ্যুতৰ চাহিদাও বছৰি ছয় শতাংশকৈ বৃদ্ধি পাব পাৰে। আনকি ভাৰততো আগন্তুক বছৰসমূহত ইন্ধনৰ চাহিদা ২.৫ শতাংশলৈ বৃদ্ধিৰ সম্ভাৱনা আছে। আইইএৰ মতে, ২০৩৫লৈ সমগ্র বিশ্বত বিদ্যুতৰ চাহিদা ১,৭০০ টেৰাৱাট পর্যন্ত বৃদ্ধি পাব পাৰে৷
ADVERTISEMENT






























