১৬ বছৰ বয়স অতিক্ৰম কৰিলে কোনো মুছলমান মহিলাই তেওঁৰ পছন্দৰ মানুহক বিয়া কৰাব পাৰে । সোমবাৰে এটা গোচৰৰ পৰিপ্রেক্ষিতত এই ৰায় দিলে পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে । আদালতে জনায়, ১৬ বছৰৰ অধিক বয়সৰ কোনো মুছলমান মহিলাই তেওঁৰ পছন্দৰ ব্যক্তিৰ স’তে বৈবাহিক সম্পর্কত আৱদ্ধ হ’ব পাৰে ।
সম্প্রতি, পাঠানকোটত ২১ বছৰৰ এজন যুৱক আৰু ১৬ বছৰৰ এগৰাকী যুৱতীয়ে পৰিয়ালৰ অসন্মতিত বিয়া কৰে । কিন্তু পৰিয়ালে তেওঁলোকক পৃথক কৰিব বিচাৰে, এই অভিযোগত নিৰাপত্তা বিচাৰি আদালতৰ দ্বাৰস্থ হয় এই দম্পতি । সোমবাৰে গোচৰৰ শুনানি হয় পঞ্জাৱ আৰু হৰিয়ানা উচ্চ ন্যায়ালয়ত । ন্যায়াধীশ যশজিৎ সিং বেদীয়ে কয়, ‘‘আবেদনকাৰীসকলে (দম্পতি) কেৱল তেওঁলোকৰ পৰিয়ালৰ ইচ্ছাৰ বিৰুদ্ধে বিয়া কৰাৰ বাবে ভাৰতীয় সংবিধানত বর্ণিত মৌলিক অধিকাৰৰ পৰা তেওঁলোকক বঞ্চিত কৰিব নোৱাৰি ।’’
ইয়াৰ পাছত ন্যায়াধীশ বেদীয়ে শ্বৰিয়ত আইন উল্লেখ কৰি কয়, এগৰাকী মুছলমান মহিলাৰ বিয়া ‘মুছলমান ব্যক্তিগত আইন’ দ্বাৰা নিয়ন্ত্রিত হয় । ন্যায়াধীশে জনায়, ছ্যৰ দিনশ্বাহ ফাৰদুনজি মোল্লাৰ ‘প্রিন্সিপলছ্ অৱ মহামেডান ল’ কিতাপৰ ১৯৫ অনুচ্ছেদ অনুসৰি, ১৬ বছৰৰ অধিক বয়সৰ মহিলাই তেওঁৰ পছন্দৰ ব্যক্তিক বিয়া কৰাব পাৰে । পাত্রৰ বয়সো যেহেতু ২১ বছৰৰ ঊৰ্ধ্বত, সেয়ে এই বিবাহত কোনো বাধা থাকিব নোৱাৰে । ইয়াৰ পাছত ন্যায়াধীশে এই দম্পতিৰ নিৰাপত্তাৰ দায়িত্ব দিয়ে পাঠানকোট আৰক্ষী প্রশাসনক ।


































