Repo rate: মধ্যবিত্তক কিছু সকাহ দিবলৈ ভাৰতীয় ৰিজাৰ্ভ বেঙ্কে হ্ৰাস কৰিছে ৰি’প ৰেট । বুধবাৰে নতুন ৰি’প ৰেট ঘোষণা কৰে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ সঞ্জয় মালহোত্ৰাই ।
য’ত দেখা গৈছে,০.২৫ বেছিছ পইণ্ট হ্ৰাস কৰা হৈছে ৰি’প ৰেট। যাৰ ফলত বৰ্তমানৰ ৰি’প হাৰ ৬.২৫ শতাংশৰ পৰা ছয় শতাংশলৈ হ্ৰাস কৰা হৈছে।
প্ৰসংগক্ৰমে বিগত দুবছৰ ধৰি আৰ বি আইয়ে ৰি’প ৰেট অপৰিৱৰ্তিত ৰাখিছে। গভৰ্নৰ পদৰ পৰা শক্তিকান্ত দাসৰ অৱসৰৰ পাছত ফেব্ৰুৱাৰীত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ সঞ্জয় মালহোত্ৰাই ৰি’প ৰেট ০.২৫ শতাংশ হ্ৰাস কৰে।
মুদ্ৰানীতি সমিতিৰ সিদ্ধান্তৰ মাত্ৰ দুমাহৰ পাছতে পুনৰ ৰেপো হাৰ আৰু ০.২৫ শতাংশ হ্ৰাস পায় । অৱশ্যে জ্ঞাত সূত্ৰৰ মতে এই সিদ্ধান্ত অনিবাৰ্য আছিল।
সমগ্ৰ বিশ্বতে ক্ৰমাৎ বৃদ্ধি পোৱা বিত্তীয় অস্থিৰতাৰ প্ৰতি সঁহাৰি জনাই এপেক্স বেংকে মুদ্ৰাস্ফীতিৰ বিৰুদ্ধে যুঁজিবলৈ ৰি’প ৰেট কেবাবিধো বৃহৎ পৰিমাণৰ বৃদ্ধি কৰিছিল।
কিন্তু ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা ৰি’প ৰেট বৃদ্ধি হোৱা নাই।এইবাৰ দুবছৰমানৰ পাছত ই হ্ৰাস পালে ।
ইয়াৰ ফলস্বৰূপে, ঋণ লওঁতাসকলে নতুন গাড়ী বা ঘৰৰ ঋণ বা আনকি ব্যক্তিগত ঋণ লওঁতে ঋণ লোৱাসকলে লাভৱান হ’ব।
কিন্তু বিশ্বৰ বজাৰসমূহ অত্যন্ত অস্থিৰ হৈ থকাৰ সময়তে ৰি’প ৰেট কৰ্তনৰ সিদ্ধান্ত লোৱা হৈছে। সমগ্ৰ বিশ্বতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে নতুন শুল্ক আৰোপ কৰিছে ।
এইটোৱে বিশ্বব্যাপী বাণিজ্যত উত্তেজনা আৰু মূল্য বৃদ্ধিৰ আশংকা সৃষ্টি কৰিছে। ই ভাৰতৰ আমদানি ব্যয় বৃদ্ধি কৰিব। মূল্য বৃদ্ধিৰো সম্ভাৱনা আছে।
এই সংকটজনক পৰিস্থিতিত, ৰি’প ৰেটে দেশৰ আভ্যন্তৰীণ অৰ্থনীতি স্বাভাৱিক ৰখাত সহায় কৰিব বুলি আশা কৰা হৈছে।





























