Government School: ✒️অসমৰ চৰকাৰী শিক্ষা ব্যৱস্থাক লৈ গভীৰ উদ্বেগ প্রকাশ কৰিছে কেন্দ্রীয় চৰকাৰৰ বিদ্যালয় শিক্ষা আৰু স্বাক্ষৰতা বিভাগে। অসমৰ চৰকাৰী শিক্ষানুষ্ঠানত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হ্রাস, শিক্ষক নিযুক্তিকে ধৰি শিক্ষাৰ আন্তঃগাঁথনিত অৱনতি আদিক লৈয়ে গভীৰভাৱে উদ্বিগ্ন হৈছে বিভাগটো।
নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি বলৱতৰ ক্ষেত্ৰত ৰাজ্যসমূহৰ তালিকাৰ শীৰ্ষত থকাৰ প্ৰতিদ্বন্দ্বিতাৰ দৌৰতহে অসম অৱতীৰ্ণ হৈছে। তাৰ বিপৰীতে শৈক্ষিক ক্ষেত্ৰখনত এনে ধৰণৰ উদ্বেগজনক তথ্য পোহৰলৈ অহাটো অত্যন্ত গুৰুতৰ বিষয় হিচাপে স্বাভাৱিকতে পৰিণত হৈছে।
শেহতীয়াকৈ অসমৰ সমগ্ৰ শিক্ষাৰ অধীনত ২০২৫-২৬ৰ বাবে বছৰেকীয়া কাৰ্য পৰিকল্পনা আৰু বাজেট অনুমোদনৰ বাবে এখন পুনৰীক্ষণ বৈঠক অনুষ্ঠিত হয়। কেন্দ্ৰীয় চৰকাৰৰ বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগৰ সচিবৰ অধ্যক্ষতাত দিল্লীত অনুষ্ঠিত বৈঠকখনত ৰাজ্যৰ চৰকাৰী শিক্ষা খণ্ডত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হ্রাস হোৱা, এজনীয়া শিক্ষকৰ বিদ্যালয়ৰ সংখ্যা বৃদ্ধি হোৱা আদি দিশবোৰ পোহৰলৈ আহে।
ইয়াকে লৈ কেন্দ্রীয় চৰকাৰৰ বিভাগটোৱে গভীৰ অসন্তুষ্টিৰ লগতে উদ্বিগ্নতা প্রকাশ কৰিছে। এই বৈঠকত পোহৰলৈ অহা তথ্য অনুসৰি, চৰকাৰী আৰু চৰকাৰী সাহায্যপ্রাপ্ত বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধিৰ পৰিৱৰ্তে হ্রাস হোৱাটোহে স্পষ্ট হয়।
২০১৮-১৯ত চৰকাৰী আৰু চৰকাৰী সাহায্যপ্রাপ্ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আছিল ৫৫,২৪,৪০২ গৰাকী। ২০২৩-২৪ত সেই সংখ্যা অৱনমিত হয় ৫১,৮৯,৯৩১ গৰাকীলৈ। অৰ্থাৎ ছবছৰত ৩,৩৬,৪৭১ গৰাকী ছাত্ৰ-ছাত্ৰী চৰকাৰী আৰু চৰকাৰী সাহায্যপ্রাপ্ত বিদ্যালয়ত হ্রাস হয়।
ইপিনে, ৩০তকৈ কম ছাত্র-ছাত্রী থকা বিদ্যালয়ৰ সংখ্যাও ৰাজ্যত দ্রুত গতিত বৃদ্ধি হৈছে। মাত্ৰ এবছৰৰ ব্যৱধানতে এনে সংখ্য যথেষ্ট বৃদ্ধি হৈছে। ২০২২-২৩ত ৩০তকৈ কম ছাত্র-ছাত্রী থকা নিম্ন প্রাথমিক বিদ্যালয়ৰ সংখ্যা আছিল ৭,৯৩৫ খন।
২০২৩-২৪ত সেই সংখ্যা বৃদ্ধি হয় ৮,০৭১ খনলৈ। এই বৈঠকত এজনীয়া শিক্ষক থকা বিদ্যালয়ৰ সংখ্যাও বৃদ্ধি হোৱাৰ তথ্য পোহৰলৈ আহে। তদুপৰি এই সংখ্যাও যথেষ্ট বেছি বুলি কেন্দ্ৰীয় চৰকাৰৰ বিভাগটোৱে উদ্বেগ প্রকাশ কৰে।
২০২২-২৩ত অসমত এজনীয়া শিক্ষক থকা নিম্ন আৰু উচ্চ প্রাথমিক বিদ্যালয়ৰ সংখ্যা আছিল ২,২১৭ খন। মাত্ৰ এবছৰৰ ব্যৱধানত অৰ্থাৎ ২০২৩-২৪ত সেই সংখ্যা বৃদ্ধি হয় ২,৪৬২ খনলৈ। অৰ্থাৎ এবছৰতে ২৪৫ খন।
শিক্ষানুষ্ঠান এজনীয়া শিক্ষকৰ শাৰীলৈ অৱনমিত হয়। বিদ্যায়তনিক ক্ষেত্ৰখনৰ ভেটি গঢ়া পর্যায়তে অসমত এনে দুর্বলতা স্পষ্ট হোৱাত কেন্দ্ৰীয় চৰকাৰৰ বিভাগটোৱে অসম চৰকাৰক প্ৰশ্ন কৰিবলৈয়ো বাধ্য হৈছে।
উল্লেখ্য যে ৰাজ্যৰ চৰকাৰী শিক্ষা খণ্ডৰ উন্নয়নৰ বাবে অসমে গুণোৎসৱ পর্যন্ত অনুষ্ঠিত কৰি আহিছে। এই গুণোৎসৱত চৰকাৰী শিক্ষা খণ্ডৰ দুৰ্বলতাসমূহ প্রতিবাৰে উন্মোচিত হৈ আহিছে। চৰকাৰে তেনে দুৰ্বলতাবোৰ আঁতৰোৱাৰ শুনি ভাল লগা কথাবোৰ কৈহে আহিছে, তাৰ বাস্তৱ প্ৰতিফলনহে নঘটিল। তাকে – আকৌ এবাৰ উদঙাই দিলে কেন্দ্ৰীয় চৰকাৰৰ এই পৰ্যালোচনা বৈঠকে।






























