Jorhat Incident:
যোৰহাট ৰে’লৱে য়ার্ডত শনিবাৰে সংঘটিত হয় চাঞ্চল্যকৰ ঘটনা ৷ এজন লোকক দাৰে আক্ৰমন কৰে ট্ৰাক চালকে৷ ডিঙি আৰু হাতত বেয়াকৈ আঘাতপ্ৰাপ্ত লোকজনক ততাতৈয়াকৈ ভৰ্তি কৰা হয় জেএমচিএইছত ৷
ADVERTISEMENT
আক্ৰমণকাৰী ট্ৰাক চালকজনৰ নাম বৰণ ৰেগণে ৷ আনহাতে আহত লোকজনৰ নাম মৃদুল দাস ৷ ঘটনা সংঘটিত কৰি পলায়ন কৰে ট্ৰাকচালক বৰণ ৰেগণ৷ ইতিমধ্যে যোৰহাট আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ক্ষিপ্ৰতাৰে তদন্ত আৰম্ভ কৰি ট্ৰাক চালকজনৰ সন্ধানত আৰম্ভ কৰিছে অভিযান ৷






























