Kota Srinivas:✒️প্ৰবীণ তেলেগু অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৩ বছৰ। দেওবাৰে হায়দৰাবাদৰ ফিল্মনগৰত নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাগৰাকীয়ে।
চাৰি দশকৰো অধিক সময়ৰ কেৰিয়াৰত তেওঁ ৭৫০খনতকৈও অধিক ছবিত অভিনয় কৰিছে।জনপ্ৰিয় এই অভিনেতাগৰাকীক ‘পদ্মশ্ৰী’ বঁটাও প্ৰদান কৰা হয়।
অভিনয়ৰ লগতে তেওঁ ৰাজনীতিও কৰিছিল। তেওঁ আছিল বিজেপিৰ বিধায়ক। মৃত্যুৰ সময়ত তেওঁ পত্নী ৰুক্মিণী আৰু তিনিটা সন্তানক এৰি থৈ যায়।
১৯৪২ চনৰ ১০ জুলাইত অন্ধ্ৰ প্ৰদেশৰ কংকিপাডু নামৰ সৰু গাঁওখনত শ্ৰীনিবাসৰ জন্ম হৈছিল। তেওঁৰ পিতৃ সীতাৰামা অঞ্জনেয়ুলু পেছাত চিকিৎসক আছিল। সেইবাবেই কণমানি শ্ৰীনিবাসেও ডাক্তৰ হোৱাৰ সপোন দেখিছিল। কিন্তু ডাঙৰ হৈ অহাৰ লগে লগে অভিনয় তেওঁৰ আবেগ হৈ পৰিল।
১৯৭৮ চনত তেলেগু ছবি ‘প্ৰণম খাৰিডু’ত ৰূপালী পৰ্দাত আত্মপ্ৰকাশ কৰিছিল।তাৰ পাছত ইখনৰ পাছত সিখন ছবিত, কেতিয়াবা যদি অভিনেতা, কেতিয়াবা আকৌ খলনায়ক হিচাপে দেখা গৈছিল।






























