Shubhanshu Shukla:✒️অৱশেষত উৎকণ্ঠাৰ অন্ত পৰিল। সফলতাৰে উপকূলত অৱতৰণ কৰিলে ড্ৰেগন কেপচুলে।
ভাৰতীয় মহাকাশচাৰী সুভাংশুকে ধৰি এক্সিয়াম-৪ৰ ক্ৰুৰ অভিযান সফল হয়। প্ৰথম ভাৰতীয় হিচাপে মহাকাশ কেন্দ্ৰত ১৮ দিন কটাই পৃথিৱীলৈ উভতিল ভাৰতীয় বায়ুসেনাৰ গ্ৰুপৰ কেপ্তেইন সুভাংশু।
তেওঁ আছিল এক্সিয়াম-৪ মিছনৰ পাইলট। ৰাকেশ শৰ্মাৰ পিছত মহাকাশলৈ যোৱা দ্বিতীয়জন ভাৰতীয়।
উল্লেখ্য যে,পৃথিৱীলৈ নামি অহাৰ সময়ত কেপচুলৰ উষ্ণতা প্ৰায় ১৬০০ ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত আছিল।
সমুদ্ৰপৃষ্ঠৰ পৰা ৫.৭ কিলোমিটাৰ উচ্চতাত পেৰাচুট প্ৰক্ৰিয়া আৰম্ভ হয়। পেৰাচুট দুটা ভাগত খোল খালে। দুই কিলোমিটাৰ উচ্চতাত মূল পেৰাচুট খোলাৰ লগে লগে ড্ৰেগন লাহে লাহে প্ৰশান্ত মহাসাগৰৰ পানীলৈ নামি আহিল। লগে লগে উদ্ধাৰকাৰী দলটোৱে কেপচুলটোৰ ওচৰ পালেগৈ।






























